< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 8 >

1 Սօղոս ալ կամակից էր անոր սպաննուելուն: Այդ օրը մեծ հալածանք եղաւ Երուսաղէմի մէջ եղող եկեղեցիին դէմ: Առաքեալներէն զատ՝ բոլորն ալ ցրուեցան Հրէաստանի ու Սամարիայի երկրամասերուն մէջ:
স্তিফানক বধ কৰা কথাত চৌলৰো সন্মতি আছিল। সেই সময়ত যিৰূচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰ তাড়না হৈছিল আৰু পাঁচনি সকলৰ বাহিৰে আন বিশ্বাসী সকল সমগ্র যিহূদা আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে সিচঁৰিত হৈ গ’ল।
2 Բարեպաշտ մարդիկ վերցուցին Ստեփանոսը, եւ մեծապէս հեծեծեցին անոր վրայ:
ভক্ত লোক সকলে স্তিফানক মৈদাম দিলে আৰু তেওঁৰ কাৰণে বৰকৈ ক্রন্দন কৰিলে।
3 Իսկ Սօղոս կ՚աւերէր եկեղեցին. կը մտնէր տուները, կը քաշկռտէր այր մարդիկ ու կիներ, եւ կը մատնէր զանոնք՝ բանտ նետուելու:
কিন্তু চৌলে ঘৰে ঘৰে গৈ পুৰুষ আৰু মহিলাক বলেৰে ধৰি আনি বন্দীশালত থৈ মণ্ডলীত উৎপাত কৰিব ধৰিলে।
4 Ուրեմն անոնք որ ցրուած էին՝ կը շրջէին խօսքը աւետելով:
কিন্তু, যি সকল বিশ্বাসী সিচঁৰিত হৈ গ’ল, তেওঁলোকে সকলো ঠাইতে শুভবার্তাৰ বাক্য প্রচাৰ কৰিলে।
5 Փիլիպպոս ալ Սամարիայի մէկ քաղաքը իջնելով՝ Քրիստոսը կը քարոզէր անոնց:
ফিলিপে চমৰীয়া নগৰলৈ গৈ খ্ৰীষ্টৰ কথা ঘোষণা কৰিবলৈ ধৰিলে।
6 Եւ բազմութիւնը՝ միաբան՝ ուշադիր էր Փիլիպպոսի ըսածներուն, լսելով ու տեսնելով անոր ըրած նշանները:
তাতে ফিলিপে কৰা আচৰিত কৰ্মবোৰ শুনি আৰু দেখি লোক সকলে একান্ত মনেৰে তেওঁৰ কথা শুনিব ধৰিলে।
7 Որովհետեւ անմաքուր ոգիները բարձրաձայն գոռալով դուրս կ՚ելլէին բազմաթիւ դիւահարներէ,
কিয়নো অশুচি আত্মাই ধৰা অনেক মানুহৰ পৰা ভূতবোৰে আটাহ পাৰি ওলাই গল; বহুতো পক্ষাঘাত ৰোগী আৰু খোৰা লোক সকলক সুস্থ কৰা হল।
8 եւ շատ անդամալոյծներ ու կաղեր կը բուժուէին:
তাতে সেই নগৰত মহা আনন্দ হ’ল।
9 Ուստի մեծ ուրախութիւն եղաւ այդ քաղաքին մէջ: Բայց մարդ մը կար՝ Սիմոն անունով, որ նախապէս մոգութիւն կ՚ընէր այդ քաղաքին մէջ եւ կը շշմեցնէր Սամարիայի ազգը, իր մասին ըսելով թէ մեծ մէկն է:
সেই নগৰতে আগেয়ে মায়াকর্ম্ম অভ্যাস কৰা চিমোন নামেৰে এজন মানুহ আছিল। সেই মানুহ জনে চমৰীয়া বাসীৰ আগত নিজকে বৰ এজন লোক বুলি দাবী কৰি চমক লগাইছিল।
10 Բոլորն ալ, պզտիկէն մինչեւ մեծը, ուշադիր էին անոր ու կ՚ըսէին. «Ասիկա Աստուծոյ մեծ (կոչուած) զօրութիւնն է»:
১০সৰুৰ পৰা ডাঙৰলৈকে সকলো চমৰীয়া বাসীয়ে তেওঁৰ কথাত মনোযোগ দিছিল; তেওঁলোকে কৈছিল, “এই জন ঈশ্বৰৰ মহান শক্তিশালী ব্যক্তি”।
11 Ուշադրութիւն կը դարձնէին իրեն, որովհետեւ կը շշմեցնէր զիրենք մոգութիւններով՝ երկար ժամանակէ ի վեր:
১১তেওঁ ভালেমান দিন ধৰি মায়াকর্ম্মৰে চমক দেখুৱাৰ কাৰণে মানুহবোৰে তেওঁক মানিছিল।
12 Բայց երբ հաւատացին Փիլիպպոսի՝ որ կ՚աւետէր Աստուծոյ թագաւորութեան ու Յիսուս Քրիստոսի անունին մասին, մկրտուեցան թէ՛ այր մարդիկ եւ թէ կիներ:
১২কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰাত তেওঁলোকে বিশ্বাস কৰিলে আৰু বিশ্বাস কৰা সকলো পুৰুষ আৰু মহিলাক যীচু খ্ৰীষ্টৰ নামত বাপ্তিস্ম দিয়া হ’ল।
13 Սիմոն ինք ալ հաւատաց, ու մկրտուելով՝ չէր թողուր Փիլիպպոսը՝՝, եւ կը զմայլէր՝ տեսնելով կատարուած հրաշքներն ու մեծ նշանները:
১৩পাছত সেই চিমোনে নিজেও বিশ্বাস কৰি বাপ্তিস্ম ল’লে; তাৰ পাছত তেওঁ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু কার্যবোৰ সিদ্ধ হোৱা দেখি বিস্ময় মানিলে।
14 Երբ Երուսաղէմի մէջ եղող առաքեալները լսեցին թէ Սամարացիները ընդունած են Աստուծոյ խօսքը, ղրկեցին անոնց Պետրոսն ու Յովհաննէսը,
১৪চমৰীয়া বাসীয়ে এনেদৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা শুনি যিৰূচালেমত থকা পাঁচনি সকলে পিতৰ আৰু যোহনক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে।
15 որոնք հոն հասնելով՝ աղօթեցին անոնց համար, որպէսզի ստանան Սուրբ Հոգին:
১৫পিতৰ আৰু যোহনে সেই ঠাইলৈ আহি তাত থকা লোক সকলে যেন পবিত্ৰ আত্মা পায়, তাৰ বাবে প্ৰাৰ্থনা কৰিলে।
16 (Որովհետեւ դեռ անոնցմէ ոեւէ մէկուն վրայ իջած չէր, հապա միայն մկրտուած էին Տէր Յիսուսի անունով: )
১৬কিয়নো তেতিয়ালৈকে তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা অহা নাছিল; কেৱল তেওঁলোকক প্ৰভু যীচুৰ নামত বাপ্তিস্মহে দিয়া হৈছিল৷
17 Այն ատեն իրենց ձեռքերը դրին անոնց վրայ, ու կը ստանային Սուրբ Հոգին:
১৭পাছত পাঁচনি সকলে লোক সকলৰ ওপৰত হাত থলে আৰু তেওঁলোকে তেতিয়া পবিত্ৰ আত্মা পালে।
18 Սիմոն, տեսնելով թէ Սուրբ Հոգին կը տրուի՝ առաքեալներուն ձեռնադրութեամբ, դրամ մատուցանեց անոնց եւ ըսաւ.
১৮চিমোনে যেতিয়া দেখিলে যে পাঁচনি সকলে হাত দিয়াত পবিত্ৰ আত্মা দান কৰা হৈছে, তেতিয়া তেওঁ পাঁচনি সকলক ধন যাচি কলে,
19 «Ինծի՛ ալ տուէք այս իշխանութիւնը, որպէսզի որո՛ւ վրայ որ ձեռք դնեմ՝ ստանայ Սուրբ Հոգին»:
১৯“এই শক্তি মোকো দিয়ক, ময়ো যেন যি জনৰ ওপৰতে হাত ৰাখো, তেওঁ যেন পবিত্ৰ আত্মা পায়।”
20 Պետրոս ըսաւ անոր. «Քու արծաթդ թող կորսուի քեզի հետ, որովհետեւ կարծեցիր թէ Աստուծոյ պարգեւը կը ստացուի դրամով:
২০কিন্তু পিতৰে চিমোনক ক’লে, “তুমি আৰু তোমাৰ ধন ধ্বংস হওক; কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়।
21 Դուն մաս ու բաժին չունիս այդ բանին մէջ, որովհետեւ սիրտդ ուղիղ չէ Աստուծոյ առջեւ:
২১আমাৰ এই কামত তোমাৰ কোনো ভাগ বা অংশ নাই, যিহেতু ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়।
22 Ուրեմն զղջա՛ այդ չարամտութենէդ եւ աղերսէ՛ Աստուծոյ. թերեւս ներուի քեզի սիրտիդ չար մտածումը:
২২তুমি এই দুষ্টতাৰ পৰা মন-পালটন কৰা আৰু প্রভুৰ ওচৰত প্রার্থনা কৰা; হয়তো তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমাও কৰিব পাৰে।
23 Որովհետեւ կը տեսնեմ քեզ մաղձի դառնութեան եւ անիրաւութեան կապին մէջ»:
২৩কিয়নো মই দেখিছোঁ, তোমাৰ মন তিতা পিত্তৰ নিচিনা আৰু তুমি পাপৰ বন্ধনত আছা।”
24 Սիմոն պատասխանեց. «Դո՛ւք աղերսեցէք Տէրոջ ինծի համար, որպէսզի այդ ձեր ըսածներէն ոչինչ պատահի ինծի՝՝»:
২৪তেতিয়া চিমোনে উত্তৰ দিলে, “আপোনালোকে যি কৈছে, তাৰ কোনো কথাই মোৰ জীৱনত যেন নঘটে, এই কাৰণে আপোনালোকেই মোৰ বাবে প্রার্থনা কৰক।”
25 Անոնք ալ՝ վկայելէ ու Տէրոջ խօսքը քարոզելէ ետք՝ վերադարձան Երուսաղէմ, աւետարանելով Սամարացիներու բազմաթիւ գիւղերուն մէջ:
২৫এইদৰে পিতৰ আৰু যোহনে প্রভুৰ বিষয়ে সাক্ষ্য দি বাক্য প্রচাৰ কৰি যিৰূচালেমলৈ উলটি আহিল; বাটত তেওঁলোকে চমৰীয়া সকলৰ বিভিন্ন গাৱঁত শুভবার্তা প্রচাৰ কৰিলে।
26 Տէրոջ հրեշտակը խօսեցաւ Փիլիպպոսի՝ ըսելով. «Կանգնէ՛ ու գնա՛ հարաւային կողմը, այն ճամբան՝ որ կ՚իջնէ Երուսաղէմէն դէպի Գազա եւ ամայի է»:
২৬পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক কলে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা” (এই পথটো মৰুভূমিৰ মাজত আছিল) ৷
27 Ան ալ կանգնեցաւ ու գնաց: Եւ ահա՛ եթովպիացի ներքինի մը, Եթովպիացիներու Կանդակա թագուհիին մէկ պալատականը, - որ անոր բոլոր գանձերուն վերակացուն էր ու Երուսաղէմ եկած էր երկրպագելու, -
২৭তেতিয়া ফিলিপে প্রস্তুত হৈ সেই বাটেদি গ’ল। বাটত ইথিওপিয়া দেশৰ এজন মানুহক লগ পালে; তেওঁ ইথিওপিয়াৰ ৰাণী কান্দাকীৰ সকলো ধন-সম্পদ চোৱা-চিতা কৰিবলৈ ক্ষমতা পোৱা নপুংসক ৰাজকর্মচাৰী আছিল। ঈশ্বৰৰ ভজনা কৰিবলৈ তেওঁ যিৰূচালেমলৈ আহিছিল।
28 կը վերադառնար եւ իր կառքը նստած՝ կը կարդար Եսայի մարգարէին գիրքը:
২৮তেওঁ নিজৰ ৰথত বহি উভটি গৈ থাকোতে যিচয়া ভাববাদীৰ পুস্তক পঢ়ি গৈছিল।
29 Հոգին ըսաւ Փիլիպպոսի. «Մօտեցի՛ր ու գնա՛ այդ կառքին քով»:
২৯এনে সময়তে আত্মাই ফিলিপক কলে, “তুমি কাষলৈ গৈ সেই ৰথৰ লগে লগে যোৱা।”
30 Փիլիպպոս ալ վազելով գնաց մօտը, լսեց թէ կը կարդար Եսայի մարգարէին գիրքը,
৩০তেতিয়া ফিলিপে ওচৰলৈ লৰি গৈ, তেওঁ যিচয়া ভাববাদীৰ পুস্তক পঢ়া শুনি সুধিলে, “আপুনি যি পঢ়িছে, সেই বিষয়ৰ অর্থ জানো বুজি পাইছে?”
31 եւ ըսաւ. «Արդեօք կը հասկնա՞ս կարդացածդ»: Ան ալ ըսաւ. «Ի՞նչպէս կրնամ հասկնալ, եթէ մէկը չառաջնորդէ զիս». եւ աղաչեց Փիլիպպոսի՝ որ ելլէ իր քով նստի:
৩১তেওঁ ক’লে- “কোনোবাই মোক বুজাই নিদিলে, মই কেনেকৈ বুজি পাম?” তাতে তেওঁ ফিলিপক ৰথত উঠি তেওঁৰ সৈতে বহিবলৈ অনুৰোধ কৰিলে।
32 Գիրքին մէջ կարդացած հատուածը սա՛ էր. «Ոչխարի պէս սպանդանոց տարուեցաւ, ու զինք խուզողին առջեւ մունջ կեցող գառի պէս՝ իր բերանը չբացաւ:
৩২ধৰ্মশাস্ত্ৰৰ যি অংশটো তেওঁ পঢ়িছিল, সেয়া এই- “মাৰিবলৈ নিয়া মেৰ-পোৱালিৰ নিচিনাকৈ তেওঁক আনিলে আৰু নোম কটীয়াৰ আগত মেৰ-পোৱালি নিজম হৈ থকাৰ দৰে তেওঁ নিজৰ মুখ নেমেলিলে।
33 Իր նուաստացումին մէջ՝ իր իրաւունքը առնուեցաւ, եւ ո՞վ պիտի պատմէ անոր սերունդին մասին. որովհետեւ անոր կեանքը երկրէն վերցուած է»:
৩৩তেওঁ অপমানিত হোৱা কালত, ন্যায়-বিচাৰ কৰা নহ’ল, তেওঁৰ বংশৰ কথা কোনে কব? কিয়নো পৃথিৱীৰ পৰা তেওঁৰ জীৱন লৈ যোৱা হ’ল।”
34 Ներքինին հարցուց Փիլիպպոսի. «Կ՚աղերսե՛մ քեզի, մարգարէն որո՞ւ համար կ՚ըսէ ասիկա. ինքնիրե՞ն համար՝ թէ ուրիշի մը համար»:
৩৪এই কথা পঢ়ি নপুংসকে ফিলিপক সুধিলে, “অনুৰোধ কৰিছোঁ, ভাববাদীয়ে কাৰ বিষয়ে এই কথা কৈছে, ক’ব নে? নিজৰ বিষয়ে নে অন্য কাৰোবাৰ বিষয়ে কৈছে?”
35 Ուստի Փիլիպպոս բացաւ իր բերանը, եւ սկսելով Գիրքին այդ խօսքէն՝ Յիսուսը աւետեց անոր:
৩৫তেতিয়া ফিলিপে মাত লগাই যিচয়া পুস্তকৰ এই শাস্ত্রাংশৰ পৰা আৰম্ভ কৰি তেওঁৰ আগত যীচুৰ শুভবার্তা প্রচাৰ কৰিলে।
36 Մինչ կ՚երթային իրենց ճամբան, եկան ջուրի մը քով: Ներքինին ըսաւ. «Ահա՛ ջուր, ա՛լ ի՞նչ կ՚արգիլէ զիս մկրտուելէ»:
৩৬এইদৰে বাটত যাওঁতে যাওঁতে এডোখৰ জলাশয়ৰ ওচৰ পোৱাত নপুংসকে কলে, “চাওক, ইয়াতে পানী আছে; গতিকে বাপ্তিস্ম লোৱাত এতিয়া মোৰ কি বাধা আছে?”
37 (Փիլիպպոս ըսաւ անոր. «Եթէ կը հաւատաս ամբողջ սիրտովդ՝ արտօնուած է»: Ան ալ պատասխանեց. «Կը հաւատամ թէ Յիսուս Քրիստոս՝ Աստուծոյ Որդին է»: )
৩৭ফিলিপে কলে, “যদি সমস্ত মনেৰে বিশ্বাস কৰিছা, তেনেহলে বাধা নাই।” তেতিয়া বিষয়াজনে কলে, “যীচু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, ইয়াক মই বিশ্বাস কৰিছোঁ।”
38 Ու հրամայեց որ կայնեցնեն կառքը: Երկուքն ալ իջան ջուրը, թէ՛ Փիլիպպոս, թէ՛ ներքինին. ու մկրտեց զայն:
৩৮তাতে বিষয়াজনে ৰথ ৰাখিবলৈ আজ্ঞা কৰিলে৷ ফিলিপ আৰু নপুংসক বিষয়াজন পানীত নামিল; ফিলিপে তেওঁক বাপ্তিস্ম দিলে।
39 Երբ դուրս ելան ջուրէն, Տէրոջ Հոգին յափշտակեց Փիլիպպոսը. ներքինին ա՛լ չտեսաւ զայն, եւ գնաց իր ճամբան ուրախութեամբ:
৩৯যেতিয়া তেওঁলোক পানীৰ পৰা উঠিল, প্রভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গল; তাতে নপুংসকে তেওঁক পুনৰ দেখা নাপালে৷ তেওঁ আনন্দ মনেৰে নিজ বাটে গুছি গ’ল।
40 Իսկ Փիլիպպոս գտնուեցաւ Ազովտոսի մէջ, ու շրջելով աւետարանեց բոլոր քաղաքներուն մէջ՝ մինչեւ որ հասաւ Կեսարիա:
৪০কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ’ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্তা প্রচাৰ কৰি চীজাৰিয়া পালে।

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 8 >