< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 13 >

1 Քանի մը մարգարէներ ու վարդապետներ կային Անտիոք եղող եկեղեցիին մէջ.- Բառնաբաս, Շմաւոն՝ որ Նիգեր կը կոչուէր, Ղուկիոս Կիւրենացին, Մանայէն՝ Հերովդէս չորրորդապետին սննդակիցը, եւ Սօղոս:
আন্তিয়খিয়াত থকা মণ্ডলীত কেইজনমান ভাৱবাদী আৰু উপদেশক আছিল৷ তেওঁলোক বাৰ্ণব্বা, চিমোন, যি জনক নিগ্ৰ বোলে, কুৰীণীৰ লুকীয়, হেৰোদ ৰজাৰ লগত প্ৰতিপালিত হোৱা মনহেম আৰু চৌল৷
2 Մինչ անոնք Տէրոջ պաշտօն կը կատարէին ու ծոմ կը պահէին, Սուրբ Հոգին ըսաւ. «Զատեցէ՛ք ինծի Բառնաբասը եւ Սօղոսը՝ այն գործին համար, որուն ես կանչած եմ զանոնք»:
যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, “যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷”
3 Ուստի՝ ծոմ պահելով ու աղօթելով՝ ձեռք դրին անոնց վրայ եւ ուղարկեցին:
তাতে তেওঁলোকে লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠিয়াই দিলে৷
4 Անոնք ալ Սուրբ Հոգիէն ղրկուած՝ Սելեւկիա իջան, եւ անկէ նաւարկեցին դէպի Կիպրոս:
এইদৰে পবিত্ৰ আত্মাৰ বাধ্য হৈ বাৰ্ণব্বা আৰু চৌল চিলুকিয়ালৈ গ’ল; তাৰ পৰা জাহাজেৰে কুপ্ৰ দ্বীপলৈ গ’ল৷
5 Հասնելով Սաղամինա՝ կը հռչակէին Աստուծոյ խօսքը Հրեաներու ժողովարաններուն մէջ. Յովհաննէս ալ կը սպասաւորէր իրենց:
তাতে চালামী নগৰ পাই, ইহুদী সকলৰ নাম-ঘৰবোৰত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিলে৷ সেই সময়ত যোহনো তেওঁলোকৰ পৰিচাৰক হৈ আছিল৷
6 Շրջելով այդ (ամբողջ) կղզին մինչեւ Պափոս՝ գտան մոգ մը, Հրեայ սուտ մարգարէ մը, որուն անունը Բարեյեսու էր.
এইদৰে তেওঁলোকে সেই দ্বীপটোৰ চাৰিওফালে ফুৰি পাফঃ নগৰলৈকে গ’ল, তাতে বাৰ-যীচু নামেৰে যি এজন যিহুদী মানুহ মায়াবী আৰু ভাঁৰিকোৱা ভাববাদী আছিল, তেওঁক দেখা পালে৷
7 ան փոխ-հիւպատոսին հետ էր, որ կը կոչուէր Սերգիոս Պօղոս, խելացի մարդ մը: Ասիկա՝ կանչելով Բառնաբասը եւ Սօղոսը՝ ուզեց լսել Աստուծոյ խօսքը:
তেওঁ সেই দ্বীপৰ অধিপতি বুদ্ধিমান চৰ্জ্জিয় পৌলৰ লগত আছিল৷ সেই অধিপতিয়ে ঈশ্বৰৰ বাক্য শুনিবলৈ ইচ্ছা কৰি চৌল আৰু বাৰ্ণব্বাক মাতি পঠিয়ালে৷
8 Սակայն անոնց ընդդիմացաւ Եղիմաս մոգը (որովհետեւ ա՛յսպէս կը թարգմանուի անոր անունը), որ կը ջանար խոտորեցնել փոխ-հիւպատոսը հաւատքէն:
কিন্তু ইলুমাই, অৰ্থাৎ সেই মায়াবীয়ে (কিয়নো এয়ে তেওঁৰ নামৰ অৰ্থ) অধিপতিক বিশ্বাসৰ পৰা আতৰাই অনাৰ উদ্দেশ্যেৰে তেওঁলোকৰ প্ৰতিৰোধ কৰিলে৷
9 Բայց Սօղոս, որ Պօղոս ալ կը կոչուի, Սուրբ Հոգիով լեցուած՝ ակնապիշ նայեցաւ անոր
তাতে চৌল, যি জনক পৌলো বোলে, তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, তেওঁলৈ স্হিৰ দৃষ্টিৰে চালে
10 ու ըսաւ. «Ո՛վ ամէն նենգութեամբ եւ ամէն չարագործութեամբ լեցուն Չարախօսի՛ որդի, թշնամի ամբողջ արդարութեան, պիտի չդադրի՞ս խեղաթիւրելէ Տէրոջ ուղիղ ճամբաները:
১০আৰু কলে, “হেৰৌ সকলো কপট আৰু দুষ্কৰ্মেৰে পৰিপূৰ্ণ হোৱাটো, চয়তানৰ পুতেক আৰু সকলো প্রকাৰ ধাৰ্মিকতাৰ শত্ৰু, তই প্ৰভুৰ সৰল পথ বিপৰীত কৰিবলৈ ৰখা নাই নে?
11 Ահա՛ հիմա Տէրոջ ձեռքը քու վրադ է. կոյր պիտի ըլլաս եւ ատեն մը պիտի չտեսնես արեւը»: Անմի՛ջապէս մթութիւն ու խաւար իջաւ անոր վրայ, եւ շրջելով մէկը կը փնտռէր՝ որ ձեռքէն բռնելով տանէր զինք:
১১আৰু এতিয়া চা, প্ৰভুৰ হাত তোৰ ওপৰত আছে আৰু তই কিছু সময়লৈকে সুৰ্য্য নেদেখি অন্ধ হৈ থাকিবি৷” তেতিয়াই ইলুমাইৰ চকু জলকতবক লাগিল আৰু অন্ধকাৰময় হ’ল; তেতিয়া তেওঁক হাতত ধৰি নিবলৈ তেওঁ মানুহ বিচাৰিবলৈ ধৰিলে৷
12 Այն ատեն փոխ-հիւպատոսը հաւատաց՝ երբ տեսաւ կատարուածը, մեծապէս ապշելով Տէրոջ ուսուցումին վրայ:
১২এই ঘটনা দেখি, সেই অধিপতিয়ে প্ৰভুৰ উপদেশত বিস্ময় মানি বিশ্বাস কৰিলে৷
13 Պօղոս եւ իր ընկերակիցները նաւարկեցին Պափոսէն, ու գացին Պամփիւլիայի Պերգէն. բայց Յովհաննէս՝ զատուելով անոնցմէ՝ վերադարձաւ Երուսաղէմ:
১৩ইয়াৰ পাছত পৌল আৰু তেওঁৰ লগৰ কেইজনে পাফঃ নগৰৰ পৰা সমুদ্ৰ-পথেদি পাম্ফুলিয়া দেশৰ পৰ্গা নগৰলৈ গ’ল৷ কিন্তু যোহনে তেওঁলোকক এৰি, যিৰূচালেমলৈ উলটি আহিল৷
14 Անոնք ալ գացին Պերգէէն եւ հասան Պիսիդիայի Անտիոքը, ու Շաբաթ օրը մտնելով ժողովարանը՝ նստան:
১৪পৌল আৰু তেওঁৰ লগৰ কেইজনে পৰ্গাৰ পৰা যাত্ৰা কৰি পিচিদিয়া দেশৰ আন্তিয়খিয়া নগৰ পাই তাতে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই বহিল৷
15 Օրէնքին եւ Մարգարէներուն կարդացուելէն ետք՝ ժողովարանին պետերը մարդ ղրկեցին իրենց ու ըսին. «Մարդի՛կ եղբայրներ, եթէ դուք յորդորական խօսք մը ունիք ժողովուրդին՝ ըսէ՛ք»:
১৫তাতে বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলৰ বাক্য পঢ়াৰ পাছত, নাম-ঘৰৰ অধিকাৰী সকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হে ভাই সকল, মানুহবোৰলৈ তোমালোকৰ যদি কোনো উদগণিৰ কথা আছে, তেনেহলে সেই বিষয়ে কোৱা৷”
16 Ուստի Պօղոս կանգնեցաւ, եւ շարժելով ձեռքը՝ ըսաւ. «Իսրայելացի՛ մարդիկ, ու դո՛ւք՝ որ կը վախնաք Աստուծմէ, մտի՛կ ըրէք:
১৬তেতিয়া পৌলে উঠি, হাতেৰে ইংগিত দি কলে, “হে ইস্ৰায়েলীয়া মানুহবোৰ আৰু হে ঈশ্বৰ ভয়কাৰী লোক সকল, শুনক৷
17 Այս ժողովուրդին՝ Իսրայէլի Աստուածը ընտրեց մեր հայրերը, բարձրացուց ժողովուրդը՝ երբ անոնք պանդխտացած էին Եգիպտոսի երկրին մէջ, եւ զօրաւոր բազուկով դուրս հանեց զանոնք:
১৭এই ইস্ৰায়েলী সকলৰ ঈশ্বৰে আমাৰ ওপৰ-পুৰুষ সকলক মনোনীত কৰিলে আৰু মিচৰ দেশত প্ৰবাসী হৈ থকা সময়ত মানুহবোৰৰ উন্নতি সাধন কৰি, তাৰ পৰা নিজ পৰাক্ৰমেৰে তেওঁলোকক বাহিৰ কৰি আনিলে৷
18 Գրեթէ քառասուն տարի կերակրեց զանոնք անապատին մէջ:
১৮আৰু দুকুৰিমান বছৰলৈকে মৰুপ্ৰান্তত তেওঁলোকক পিতৃৰ নিচিনাকৈ প্ৰতিপালন কৰিলে৷
19 Քանանի երկրին մէջ, բնաջնջելով եօթը ազգ, անոնց երկիրը տուաւ իրենց՝ որ ժառանգեն:
১৯পাছত তেওঁ কনান দেশৰ সাত জাতিক উচ্ছেদ কৰি, তেওঁলোকৰ দেশখনক উত্তৰাধিকাৰ স্বৰূপে ইস্ৰায়েলী সকলক দিলে৷
20 Անկէ ետք՝ գրեթէ չորս հարիւր յիսուն տարի՝ դատաւորներ տուաւ իրենց, մինչեւ Սամուէլ մարգարէն:
২০এইদৰে প্ৰায় চাৰি শ পঞ্চাশ বছৰ পাৰ হৈ গ’ল৷ তাৰ পাছত, চমূৱেল ভাববাদীৰ সময়লৈকে বিচাৰকৰ্তা সকলক নিযুক্ত কৰিলে৷
21 Յետոյ թագաւոր ուզեցին, եւ Աստուած տուաւ իրենց Կիսի որդին՝ Սաւուղը, Բենիամինի տոհմէն մարդ մը, քառասուն տարի:
২১পাছত তেওঁলোকে এজন ৰজা বিচৰাত, ঈশ্বৰে বিন্যামীন ফৈদৰ কীচৰ পুত্ৰ চৌলক চল্লিশ বছৰলৈকে ৰাজত্ব কৰিবলৈ দিলে৷
22 Երբ պաշտօնէ հեռացուց զայն, Դաւիթը նշանակեց իրենց վրայ իբր թագաւոր, որուն մասին վկայելով՝ ըսաւ. «Յեսսէի որդին՝ Դաւիթը գտայ, իմ սիրտիս համաձայն մարդ մը, որ պիտի գործադրէ իմ ամբողջ կամքս»:
২২ইয়াৰ পাছত ঈশ্বৰে ৰজাৰ শাসনৰ পৰা তেওঁক আতৰাই, তেওঁলোকৰ ৰজা হবলৈ দায়ুদক মনোনীত কৰিলে৷ আৰু দায়ুদৰ বিষয়ে ঈশ্বৰে সাক্ষ্য দি কলে, ‘মোৰ মনৰ দৰে এজনক, অৰ্থাৎ যিচয়ৰ পুত্ৰ দায়ুদক পালোঁ; তেওঁ মোৰ সকলো ইচ্ছা পূৰ্ণ কৰিব৷’
23 Ասո՛ր զարմէն Աստուած՝ իր խոստումին համաձայն՝ հանեց Իսրայէլի Փրկիչ մը, Յիսուսը:
২৩এই জন মানুহৰ বংশৰ পৰা ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰে এজন ত্ৰাণকৰ্তা, অৰ্থাৎ যীচুক ইস্ৰায়েলী লোকৰ আগত উপস্থিত কৰিলে৷
24 Դեռ ան չեկած, Յովհաննէս նախապէս քարոզեց ապաշխարութեան մկրտութիւնը՝ Իսրայէլի ամբողջ ժողովուրդին:
২৪যীচু অহাৰ আগেয়ে, যোহনে ইস্ৰায়েলী লোক সকলৰ আগত মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে৷
25 Երբ Յովհաննէս կը լրացնէր իր ընթացքը՝ ըսաւ. “Ո՞վ կը կարծէք՝ թէ եմ. ես Քրիստոսը չեմ, հապա ահա՛ իմ ետեւէս կու գայ մէկը՝ որուն ոտքերուն կօշիկները քակելու արժանի չեմ”:
২৫যোহনে তেওঁৰ কাৰ্য সম্পন্ন কৰোঁতে, এই কথা কৈছিল, ‘আপোনালোকে মোক কোন বুলি ভাবিছে? মই সেই জন নহওঁ৷ কিন্তু শুনক, এনে এজন মোৰ পাছত আহি আছে, যি জনৰ চৰণৰ পাদুকাৰ বান্ধ খুলিবৰো মই যোগ্য নহওঁ৷’
26 Մարդի՛կ եղբայրներ, Աբրահամի ցեղին որդինե՛ր, այս փրկութեան խօսքը ղրկուեցաւ ձեզի՛, եւ անոնց՝ որ ձեր մէջ աստուածավախ են:
২৬হে ভাই সকল, হে অব্ৰাহামৰ বংশৰ সন্তান সকল আৰু আপোনালোকৰ মাজৰ ঈশ্বৰ ভয়কাৰী সকল, আমালৈ এই পৰিত্রাণৰ বাক্য পঠোৱা হৈছে৷
27 Քանի որ Երուսաղէմ բնակողները եւ անոնց պետերը՝ ո՛չ զայն ճանչցան, ո՛չ ալ մարգարէներուն ձայները՝ որոնք կը կարդացուին ամէն Շաբաթ օր. բայց իրագործեցին գրուածները՝ դատելով զայն:
২৭কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰামবাৰত পঢ়া ভাববাদী সকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷
28 Թէպէտ չգտան մահուան արժանի պատճառ մը, խնդրեցին Պիղատոսէն՝ որ ան սպաննուի:
২৮আনকি প্ৰাণদণ্ডৰ কোনো কাৰণ বিচাৰি নাপাই, তেওঁক বধ কৰিবলৈ পীলাতৰ আগত নিবেদন কৰিলে,
29 Երբ գործադրեցին ամէն ինչ որ գրուած էր անոր մասին, վար իջեցնելով փայտէն՝ դրին գերեզմանի մը մէջ:
২৯আৰু তেওঁৰ বিষয়ে যি যি কথা লিখা আছিল; তেওঁলোকে সেই সকলোকে সম্পন্ন কৰি তেওঁক কাঠৰ পৰা নমাই মৈদামত শুৱাই থলে৷
30 Բայց Աստուած մեռելներէն յարուցանեց զայն:
৩০কিন্তু ঈশ্বৰে তেওঁক মৃতবোৰৰ মাজৰ পৰা তুলিলে
31 Ան շատ օրեր երեւցաւ անոնց՝ որ Գալիլեայէն Երուսաղէմ ելեր էին իրեն հետ. անոնք են հիմա իր վկաները ժողովուրդին առջեւ:
৩১আৰু গালীল প্ৰদেশৰ পৰা যিৰূচালেমলৈ তেওঁৰ লগত অহা সকলক তেওঁ অনেক দিনলৈ দেখা দি থাকিল৷ তেওঁলোকেই এতিয়া লোক সকলৰ আগত তেওঁৰ সাক্ষী হৈ আছে৷
32 Մե՛նք ալ կ՚աւետենք ձեզի այն խոստումը՝ որ եղած էր հայրերուն.
৩২গতিকে আমাৰ পূৰ্ব-পুৰুষ সকলৰ আগত ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ বিষয়ে, আমি আপোনালোকক এই শুভবাৰ্তা জনাইছো:
33 Աստուած իրագործեց զայն մեզի համար՝ որ անոնց զաւակներն ենք, յարուցանելով Յիսուսը՝ ինչպէս գրուած ալ է երկրորդ Սաղմոսին մէջ. “Դուն իմ Որդիս ես, ա՛յսօր ծնայ քեզ”:
৩৩ঈশ্বৰে যীচুক মৃত্যুৰ পৰা তুলি, সেই প্ৰতিজ্ঞা আমাৰ সন্তান সকললৈ সিদ্ধ কৰিলে৷ এই বিষয়ে গীতমালাৰ দুই নম্বৰ গীতত লিখা আছে, বোলে, ‘তুমি মোৰ পুত্ৰ, আজি মই তোমাক জন্ম দিলোঁ৷’
34 Ան սա՛ կ՚ըսէ զինք մեռելներէն յարուցանելու մասին՝ որ անգա՛մ մըն ալ ապականութեան չվերադառնայ. “Ձեզի պիտի տամ Դաւիթի մնայուն կարեկցութիւնները”:
৩৪ঈশ্বৰে যীচুক যে মৃতবোৰৰ মাজৰ পৰা তুলিলে, আগলৈ ক্ষয় নাপাবলৈহে তুলিলে৷ এই বিষয়ে ঈশ্বৰে কৈছিলঃ ‘দায়ুদৰ ওচৰত যি যি পবিত্ৰ বিধান আৰু সত্য প্ৰতিশ্ৰুতি দিছিলোঁ, সেই সকলো মই তোমালোকক দিম৷’
35 Այս մասին ուրիշ Սաղմոսի մը մէջ ալ կ՚ըսէ. “Պիտի չթոյլատրես որ քու Սուրբդ ապականութիւն տեսնէ”:
৩৫এইদৰে আন গীতত তেওঁ কৈছে, ‘তুমি তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷’
36 Որովհետեւ Դաւիթ ննջեց՝ Աստուծոյ ծրագիրով սպասաւորելէ ետք իր սերունդին, դրուեցաւ իր հայրերուն քով եւ ապականութիւն տեսաւ:
৩৬কিয়নো দায়ুদে ঈশ্বৰৰ ইচ্ছাৰ দৰে সেৱা কৰি, তেওঁৰ সময়ত মানুহবোৰৰ উপকাৰ সাধন কৰিলে আৰু মহা-নিদ্ৰা গ’ল, আৰু তেওঁক পিতৃপুৰুষ সকলৰ সৈতে মৈদামত থোৱা হোৱাত ক্ষয় পালে,
37 Բայց ա՛ն՝ որ Աստուած յարուցանեց, ապականութիւն չտեսաւ:
৩৭কিন্তু যি জনক ঈশ্বৰে তুলিলে, সেই জনে ক্ষয় নাপালে৷
38 Ուրեմն գիտցէ՛ք, մարդի՛կ եղբայրներ, թէ ասո՛ր միջոցով մեղքերու ներում կը հռչակուի ձեզի,
৩৮এই কাৰণে, হে ভাই সকল, সেই জনৰ দ্বাৰাই আপোনালোকৰ আগত পাপ মোচনৰ ন্যায় বিষয়ৰ গ্ৰহণীয়তা প্ৰচাৰ কৰা হৈছে৷
39 եւ թէ իրմո՛վ ամէն հաւատացեալ կ՚արդարանայ այն բոլոր բաներէն՝ որոնցմէ չկրցաք արդարանալ Մովսէսի Օրէնքով:
৩৯আৰু মোচিৰ বিধানৰ দ্বাৰাই যি যি দোষৰ পৰা আপোনালোকে ন্যায্যতা প্ৰদান কৰিব পৰা নাই; সেই আটাই দোষৰ পৰা যীচুত বিশ্বাস কৰাৰ দ্বাৰাই সকলোৱে মুক্ত হয়, ইয়াক আপোনালোকে জানি লওঁক৷
40 Ուրեմն զգուշացէ՛ք, որպէսզի ձեզի չպատահի՝՝ ի՛նչ որ ըսուած է Մարգարէներուն մէջ.
৪০এতেকে সাৱধান হওক, যাতে কোনো ভাৱবাদী সকলৰ পু্স্তকত লিখা এই বাক্য মতে আপোনালোকলৈ যেন নঘটে, ভাববাদী সকলে কৈছে -
41 “Տեսէ՛ք, արհամարհողներ, եւ զարմացէ՛ք ու ոչնչացէ՛ք. որովհետեւ պիտի կատարեմ արարք մը՝ ձեր օրերուն մէջ, այնպիսի արարք մը, որ եթէ մէկը պատմէ ձեզի՝ պիտի չհաւատաք”»:
৪১‘হে হেয়জ্ঞানকাৰী সকল, তোমালোকে চোৱা, বিস্ময় মানা, আৰু অন্তৰ্হিত হোৱা; এনে কৰ্ম মই তোমালোকৰ দিনত কৰিম, কিয়নো যি কৰ্মৰ বিৱৰণ কোনোৱে তোমালোকক কলেও, তোমালোকে সেই বিৱৰণ কোনোমতে বিশ্বাস নকৰিবা৷’
42 Երբ անկէ դուրս ելան՝ կ՚աղաչէին, որ հետեւեալ Շաբաթ ալ քարոզեն իրենց նոյն խօսքերը:
৪২পাছত পৌল আৰু বাৰ্ণব্বা ওলাই যাবলৈ ধৰোতে, মানুহবোৰে নিবেদন কৰি ক’লে, “অহা বিশ্ৰাম-বাৰতো এইদৰে প্ৰচাৰ কৰা হওক৷”
43 Երբ ժողովուրդը արձակուեցաւ, Հրեաներէն եւ բարեպաշտ նորահաւատներէն շատեր հետեւեցան Պօղոսի ու Բառնաբասի, որոնք կը խօսէին անոնց հետ եւ կը յորդորէին զանոնք, որ յարատեւեն Աստուծոյ շնորհքին մէջ:
৪৩তেতিয়া নাম-ঘৰৰ সমাজ ভাঙিলত, অনেক ইহুদী আৰু ইহুদী ধৰ্ম লোৱা ভক্ত সকলে পৌল আৰু বাৰ্ণব্বাক অনুসৰণ কৰিলে, তাতে তেওঁলোকৰ সৈতে কথা-বতৰা হৈ, ঈশ্বৰৰ অনুগ্ৰহত থিৰ হৈ থাকিবলৈ তেওঁলোকক উদগণি দিলে৷
44 Հետեւեալ Շաբաթ օրը, գրեթէ ամբողջ քաղաքը հաւաքուեցաւ՝ լսելու Աստուծոյ խօսքը:
৪৪তাৰ পাছৰ বিশ্ৰামবাৰত নগৰৰ প্ৰায় সকলো মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ গোট খালে৷
45 Իսկ Հրեաները՝ երբ տեսան բազմութիւնները՝ լեցուեցան նախանձով, ու դէմ կը խօսէին Պօղոսի ըսածներուն՝ հակաճառելով եւ հայհոյելով:
৪৫কিন্তু ইহুদী সকলে লোক সকলক দেখি, ঈৰ্ষাৰে পুৰ হৈ নিন্দা কৰি কৰি পৌলে কোৱা কথা অৱমাননা কৰিলে৷
46 Ուստի Պօղոս ու Բառնաբաս համարձակելով ըսին. «Հարկ էր որ Աստուծոյ խօսքը քարոզուէր նախ ձեզի՛. բայց քանի որ կը վանէք զայն ձեզմէ, եւ դուք ձեզ արժանի չէք սեպեր յաւիտենական կեանքի, ահա՛ մենք կը դառնանք հեթանոսներուն: (aiōnios g166)
৪৬তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে কলে, “প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷ (aiōnios g166)
47 Որովհետեւ Տէրը սա՛ պատուիրած է մեզի. “Քեզ իբր լոյս դրի հեթանոսներուն, որպէսզի դուն փրկութեան պատճառ ըլլաս՝ մինչեւ երկրի ծայրերը”»:
৪৭কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে, ‘তোমাক মই অনা-ইহুদী লোকৰ পোহৰ কৰি থলোঁ, যেন তুমি জগতৰ সীমালৈকে পৰিত্রাণস্বৰূপ হোৱা৷”
48 Լսելով ասիկա՝ հեթանոսները կ՚ուրախանային ու կը փառաւորէին Աստուծոյ խօսքը, եւ անոնք որ սահմանուած էին յաւիտենական կեանքին՝ հաւատացին: (aiōnios g166)
৪৮অনা-ইহুদী লোকে ইয়াকে শুনি আনন্দিত হৈ ঈশ্বৰৰ বাক্যৰ প্ৰশংসা কৰিলে৷ যি সকলক অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল, সেই সকলোৱে বিশ্বাস কৰিলে৷ (aiōnios g166)
49 Տէրոջ խօսքը կը տարածուէր ամբողջ երկրամասին մէջ:
৪৯এইদৰে প্ৰভুৰ বাক্য সেই ঠাইৰ গোটেই অঞ্চলত বিয়পি গ’ল৷
50 Բայց Հրեաները գրգռեցին բարեպաշտ եւ մեծայարգ կիներն ու քաղաքին գլխաւորները, եւ Պօղոսի ու Բառնաբասի դէմ հալածանք հանելով՝ իրենց հողամասէն դուրս դրին զանոնք:
৫০কিন্তু ইহুদী সকলে, ভক্ত ভদ্ৰ মহিলা সকলক আৰু নগৰৰ প্ৰধান লোকক উচটাই, পৌল আৰু বাৰ্ণব্বাক তাড়না কৰি, তেওঁলোকৰ সীমাৰ পৰা খেদাই দিলে।
51 Անոնք ալ՝ իրենց ոտքերուն փոշին թօթուելով անոնց դէմ՝ գացին Իկոնիոն.
৫১তাতে তেওঁলোকে ভৰিৰ ধুলি সিহঁতৰ অহিতে জোকাৰি পেলাই, ইকনিয় নগৰলৈ গ’ল৷
52 իսկ աշակերտները լեցուած էին ուրախութեամբ եւ Սուրբ Հոգիով՝՝:
৫২আৰু শিষ্য সকল আনন্দেৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল৷

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 13 >