< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 12 >

1 Այդ ատենները Հերովդէս թագաւորը ձեռք դրաւ եկեղեցիէն ոմանց վրայ՝ չարչարելու համար:
সেই সময়ত হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনো লোকক অত্যাচাৰ কৰিব ধৰিলে
2 Սուրով սպաննեց Յովհաննէսի եղբայրը՝ Յակոբոսը,
আৰু তেওঁ যোহনৰ ককায়েক যাকোবক তৰোৱালেৰে বধ কৰিবলৈ হুকুম দিলে৷
3 եւ տեսնելով թէ հաճելի է Հրեաներուն, շարունակելով բռնեց նաեւ Պետրոսը: (Բաղարջակերքի օրերն էին: )
এই কাৰ্যত ইহুদী সকল সন্তুষ্ট হোৱা দেখি, তেওঁ পিতৰকো বন্দী কৰিলে৷ তেতিয়া খমিৰ নোহোৱা পিঠাৰ দিন আছিল৷
4 Երբ ձերբակալեց զայն՝ բանտը դրաւ, ու յանձնեց չորսական զինուորէ բաղկացած չորս ջոկատի՝ որպէսզի պահեն. եւ կը փափաքէր ներկայացնել զայն ժողովուրդին՝ Զատիկէն ետք:
পিতৰক বন্দী কৰি হেৰোদে বন্দীশালত ৰাখিলে৷ তেওঁক পহৰা দিবৰ কাৰণে চাৰি জনকৈ চাৰিটা সৈন্য দলক নিযুক্ত কৰিলে আৰু তেওঁ মনতে ভাবিলে যে, নিস্তাৰ-পৰ্বৰ পাছত পিতৰক জনসাধাৰণৰ ওচৰত বিচাৰৰ বাবে হাজিৰ কৰাব৷
5 Ուստի Պետրոս պահուած էր բանտին մէջ, բայց եկեղեցին ջերմեռանդութեամբ կ՚աղօթէր Աստուծոյ՝ անոր համար:
এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ বাবে মণ্ডলীৰ লোক সকলে নিৰন্তৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল৷
6 Երբ Հերովդէս պիտի ներկայացնէր զայն դատարանին, այդ օրուան նախորդ գիշերը՝ Պետրոս կը քնանար երկու զինուորներու մէջտեղ՝ կրկին շղթաներով կապուած. իսկ պահապանները կը պահէին բանտը՝ դրան առջեւ:
পাছত হেৰোদে তেওঁক বাহিৰলৈ অানিবৰ বাবে সিদ্ধান্ত লোৱা দিনা খনৰ আগ-ৰাতি, পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল আৰু প্ৰহৰীবোৰে দুৱাৰমুখত বন্দীশাল পহৰা দি আছিল৷
7 Յանկարծ Տէրոջ հրեշտակը անոր վրայ հասաւ, ու լոյս մը փայլեցաւ տան մէջ: Ապա Պետրոսի կողը խթելով՝ արթնցուց զայն եւ ըսաւ. «Կանգնէ՛ շուտով»: Շղթաները վար ինկան անոր ձեռքերէն,
সেই সময়ত প্ৰভুৰ এজন দূত অাহি উপস্থিত হ’ল আৰু সেই কোঠালিটো পোহৰেৰে উজ্বল হৈ উঠিল৷ তাতে চাপৰ মাৰি পিতৰক জগাই দূতে কলে, “বেগাই উঠা৷” তেতিয়া তেওঁৰ হাতৰ পৰা শিকলিৰ বান্ধ সুলকি পৰিল৷
8 ու հրեշտակը ըսաւ անոր. «Կապէ՛ գօտիդ ու հագի՛ր հողաթափներդ»: Ան ալ ըրաւ այնպէս: Յետոյ ըսաւ անոր. «Վրա՛դ առ հանդերձդ ու հետեւէ՛ ինծի»:
দূতে তেওঁক কলে, “কঁকাল বান্ধি পাদুকা পিন্ধা৷” পিতৰে সেইদৰে কৰিলে৷ দূতে তেওঁক কলে, “তোমাৰ কাপোৰ গাত লৈ মোৰ পাছে পাছে আহা৷”
9 Ան ալ դուրս ելլելով՝ հետեւեցաւ անոր. բայց չէր գիտեր թէ հրեշտակին կատարածը իրակա՛ն է, հապա կը կարծէր թէ տեսիլք կը տեսնէ:
পাছে পিতৰে দূতক অনুসৰণ কৰি বাহিৰলৈ ওলাই গ’ল৷ কিন্তু দূতে কৰা কৰ্ম যে সঁচা, ইয়াকে নাভাবি দৰ্শন পোৱা বুলি ভাবিলে৷
10 Երբ անոնք անցան առաջին ու երկրորդ պահապաններէն, եկան մինչեւ երկաթէ դուռը, որ քաղաքը կը տանէր եւ ինքնիրեն բացուեցաւ անոնց առջեւ: Անկէ դուրս ելլելով՝ փողոց մը անցան, ու հրեշտակը իսկոյն հեռացաւ անկէ:
১০এইদৰে প্ৰথম আৰু দ্বিতীয় প্ৰহৰীবোৰক পাৰ কৰি নগৰলৈ অহা-যোৱা কৰা যিখন লোহাৰ দুৱাৰ আছিল, সেয়া নিজে নিজে তেওঁলোকলৈ মুকলি হৈ গ’ল৷ তাতে তেওঁলোক বাহিৰলৈ আহি বাটৰ এমুৰ পাওঁতে তৎক্ষণাৎ দূতে তেওঁৰ লগ এৰিলে৷
11 Պետրոս ինքնիրեն գալով՝ ըսաւ. «Հի՛մա ճշմա՛րտապէս գիտեմ թէ Տէրը ղրկեց իր հրեշտակը եւ ազատեց զիս Հերովդէսի ձեռքէն ու Հրեաներու ժողովուրդին ամբողջ ակնկալութենէն»:
১১তেতিয়া পিতৰে চেতনা পাই কলে, “প্ৰভুৱে তেওঁৰ দূত পঠিয়াই হেৰোদৰ হাতৰ পৰা আৰু ইহুদী লোকৰ সকলো আকাংক্ষাৰ পৰা মোক যে উদ্ধাৰ কৰিলে, এতিয়াহে মই নিশ্চয়কৈ জানিছোঁ৷”
12 Եւ գիտակից ըլլալով՝ գնաց Մարկոս մականուանեալ Յովհաննէսի մօր Մարիամի տունը, ուր շատեր համախմբուած կ՚աղօթէին:
১২ইয়াকে তেওঁ জনাৰ পাছত, মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি যোহন, তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ’ল; তাতে অনেক লোক গোট খাই প্ৰাৰ্থনা কৰি আছিল৷
13 Երբ բախեց տան դուրսի դուռը, Հռովդէ անունով աղախին մը մօտեցաւ՝ մտիկ ընելու:
১৩তেতিয়া তেওঁ বাহিৰৰ দুৱাৰত টুকুৰিওৱাত, ৰোদা নামেৰে এজনী চাকৰণীয়ে মাত দিবলৈ আহিল৷
14 Ճանչնալով Պետրոսի ձայնը՝ ուրախութենէն չբացաւ դուռը, հապա ներս վազելով՝ լուր տուաւ թէ Պետրոս կայնած է դրան առջեւ:
১৪তাতে তাই পিতৰৰ মাত শুনি বুজি পাই, আনন্দত দুৱাৰ মেলিবলৈ পাহৰি ভিতৰলৈ লৰি গৈ, পিতৰ দুৱাৰমুখত থিয় হৈ আছে বুলি কলেগৈ৷
15 Իսկ անոնք ըսին անոր. «Խելագարա՛ծ ես»: Բայց ինք կը պնդէր թէ այդպէ՛ս է: Անոնք ալ կ՚ըսէին. «Անոր հրեշտա՛կն է»:
১৫তেতিয়া তেওঁলোকে তাইক কলে, “তই পাগলি হৈছ৷” কিন্তু তাই সঁচা বুলি দৃঢ়তাৰে নিশ্চিত ভাবে কলে৷ তেওঁলোকে কলে, “তেনেহলে সেই জন তেওঁৰ দূতহে হব৷”
16 Սակայն Պետրոս կը շարունակէր բախել, ու երբ բացին՝ շշմեցան զինք տեսնելով:
১৬কিন্তু পিতৰে দুৱাৰত বাৰে বাৰে টুকুৰিয়াই আছিল, তেতিয়া তেওঁলোকে দুৱাৰ মেলি দিয়াত, তেওঁক দেখি বিস্ময় মানিলে৷
17 Իսկ ան ձեռքը շարժեց՝ որ անոնք լռեն, ու պատմեց անոնց թէ ի՛նչպէս Տէրը հանեց զինք բանտէն, եւ ըսաւ. «Պատմեցէ՛ք այս բաները Յակոբոսի ու եղբայրներուն»: Յետոյ մեկնեցաւ եւ գնաց ուրիշ տեղ մը:
১৭পিতৰে নিজম দি থাকিবলৈ হাতেৰে ইংগিত দি, প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা মুকলি কৰি আনিলে, তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে৷ আৰু কলে, “তোমালোকে যাকোব আৰু ভাই সকলক এই সংবাদ দিবা৷” ইয়াকে কৈ তেতিয়াই তেওঁ ওলাই আন ঠাইলৈ গুচি গ’ল৷
18 Երբ առտու եղաւ, մեծ խլրտում կար զինուորներուն մէջ, թէ արդեօք Պետրոս ի՛նչ եղած էր:
১৮পাছে ৰাতিপুৱা হ’ল, পিতৰৰ নো কি হ’ল, এই বুলি সৈন্য সকলৰ মাজত বৰ হুলস্থুল লাগিল৷
19 Իսկ Հերովդէս, երբ փնտռեց զայն ու չգտաւ, հարցաքննեց պահապանները եւ հրամայեց որ մեռցուին: Ապա Հրէաստանէն իջաւ Կեսարիա, ու հոն կը կենար:
১৯তেতিয়া হেৰোদে তেওঁক বিচাৰি নাপাই, প্ৰহৰী সকলৰ সোধ-বিচাৰ কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিলে৷ তেতিয়া তেওঁ যিহুদীয়াৰ পৰা চীজাৰিয়ালৈ গ’ল আৰু তাতে থাকিল৷
20 Հերովդէս չափազանց զայրացած էր Տիւրացիներուն եւ Սիդոնացիներուն դէմ: Անոնք ալ միաբանութեամբ եկան իրեն, ու հաշտութիւն խնդրեցին՝ համոզելով թագաւորին Բղաստոս սենեկապետը. որովհետեւ իրենց երկիրը կը կերակրուէր թագաւորին երկրէն:
২০তুৰীয়া আৰু চীদোনীয়া সকলৰ প্ৰতি হেৰোদৰ অতিশয় ক্ৰোধ আছিল৷ কিন্তু তেওঁলোকে একে আলোচনাৰে তেওঁৰ আগলৈ গৈ, ব্লাস্ত নামেৰে ৰজাৰ ভিতৰুৱাল ফুকনক তেওঁলোকৰ ফলীয়া কৰি, শান্তি স্হাপন কৰিবলৈ নিবেদন কৰিলে, কাৰণ এই ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তুবোৰ আহিছিল৷
21 Որոշուած օր մը, Հերովդէս՝ հագած թագաւորական տարազը եւ բազմած դատարանը՝ կը ճառախօսէր անոնց:
২১এটা নিৰূপিত দিনত হেৰোদে ৰাজকীয় বস্ত্ৰ পিন্ধি বিচাৰৰ আসনত বহিছিল আৰু সেইদিনা তাৰ পৰা তেওঁলোকলৈ ভাষণ দিছিল৷
22 Ամբոխն ալ կ՚աղաղակէր. “Ատիկա Աստուծո՛յ ձայն է, ո՛չ թէ մարդու”:
২২তেতিয়া লোক সকলে ৰিঙিয়াই কলে, “এয়া এজন ঈশ্বৰৰ মাত, মানুহৰ মাত নহয়!”
23 Անմի՛ջապէս Տէրոջ հրեշտակը զարկաւ զայն՝ փառքը Աստուծոյ չտալուն համար. ու որդնալից ըլլալով՝ շունչը փչեց:
২৩কিন্তু সেই প্ৰশংসা ঈশ্বৰক নিদিয়াত, প্ৰভুৰ দূতে তেতিয়াই তেওঁক আঘাত কৰিলে আৰু পোকে খোৱাত, তেওঁ প্ৰাণ ত্যাগ কৰিলে৷
24 Իսկ Աստուծոյ խօսքը կ՚աճէր ու կը բազմանար:
২৪কিন্তু ঈশ্বৰৰ বাক্য ব্যাপক হাৰত বিয়পি গ’ল৷
25 Բառնաբաս եւ Սօղոս՝ երբ գործադրեցին իրենց յանձնուած սպասարկութիւնը՝ վերադարձան Երուսաղէմէն, իրենց հետ առնելով նաեւ Յովհաննէսը՝ որ Մարկոս մականուանեալ էր:
২৫এইদৰে বাৰ্ণব্বা আৰু চৌলে যি পৰিচৰ্যা কৰ্মৰ দায়িত্ব পাইছিল, সেয়া তেওঁলোকে সিদ্ধ কৰিলে, আৰু মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যোহনক লগত লৈ যিৰূচালেমৰ পৰা উভতি আহিল৷

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 12 >