< ԵՐԿՐՈՐԴ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 2 >

1 Կը թախանձե՛նք ձեզի, եղբայրնե՛ր, մեր Տէրոջ՝ Յիսուս Քրիստոսի գալուստին եւ անոր քով մեր հաւաքուելուն մասին,
হে ভাইসকল, এতিয়া আমি আপোনালোকক অনুৰোধ কৰোঁ যে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণ আৰু তেওঁৰ ওচৰত আমি গোট খোৱাৰ বিষয়ে আপোনালোকে জানি লওক,
2 որ շուտով չսարսիք ձեր միտքին մէջ, ու չվրդովիք՝ ո՛չ հոգիով, ո՛չ խօսքով, ո՛չ ալ նամակով մը՝ իբր թէ մեզմէ գրուած, որպէս թէ Քրիստոսի օրը եկած հասած ըլլայ:
আমি অাপোনালোকক কওঁ, ‘প্ৰভুৰ দিন ইতিমধ্যে আহিল’ এই বুলি আপোনালোকৰ মন সহজতে অস্থিৰ নহওক নাইবা ব্যাকুল নহওক; কিয়নো কোনো কোনোৱে হয়তো আত্মাৰ দ্বাৰাই বা অন্য কাৰোবাৰ কথাৰ দ্বাৰাই অথবা আমি লিখা কোনো চিঠিৰ দ্বাৰাই এই বুলি ক’ব পাৰে।
3 Ո՛չ մէկը թող խաբէ ձեզ որեւէ կերպով. որովհետեւ այդ օրը պիտի չգայ՝ եթէ նախ չգայ ուխտադրժումը ու չյայտնուի մեղքի մարդը, կորուստի որդին,
আপোনালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিব; কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰৰ বিৰুদ্ধে ধৰ্ম পৰিত্যাগ কৰা দেখা যাব আৰু সেই অবাধ্যতাৰ পুৰুষ, যি বিনাশ হবলগীয়া পুত্ৰ; সি প্ৰকাশিত হ’ব।
4 որ պիտի հակառակի եւ պանծացնէ ինքզինք ամէն բանէ վեր՝ որ Աստուած կը կոչուի կամ կը պաշտուի. մինչեւ անգամ պիտի բազմի Աստուծոյ տաճարին մէջ՝ ներկայացնելով ինքզինք իբր Աստուած:
ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্রতিস্থিত কৰিব; এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি ঘোষণা কৰিব।
5 Չէ՞ք յիշեր թէ երբ տակաւին ձեր քով էի, կ՚ըսէի ձեզի այս բաները:
এইবোৰ যে ঘটিব সেই কথা মই আপোনালোকৰ লগত থাকোতেই আপোনালোকক কৈছিলোঁ; সেই বিষয়ে আপোনালোকৰ মনত নপৰে নে?
6 Եւ հիմա դուք ձեզմէ գիտէք թէ ի՛նչը կը զսպէ՝ որ ինք յայտնուի իր ատենին:
সেই অবাধ্যতাৰ পুৰুষক কেৱল তাৰ নিৰূপিত কালতহে প্ৰকাশিত হবলৈ কিহে বাধা দি ৰাখিছে, সেয়া আপোনালোকে জানে।
7 Որովհետեւ անօրէնութեան խորհուրդը արդէն կը ներգործէ. բայց ա՛ն որ հիմա կը զսպէ, պիտի զսպէ՝ մինչեւ որ ինք վերցուի մէջտեղէն:
কিয়নো ঈশ্বৰৰ অবাধ্যতাৰ সেই গোপন তত্ত্বই ইতিমধ্যে কাৰ্য সাধন কৰি আছে; কেৱল এজন আছে যি জনে বর্তমান তাক প্রকাশ হোৱাত বাধা দি ৰাখিছে; তাক দূৰ নকৰা পর্যন্ত বাধা দিয়ে থাকিব।
8 Ա՛յն ատեն պիտի յայտնուի այդ անօրէնը, որ Տէր (Յիսուս) պիտի սպառէ իր բերանին շունչով եւ պիտի ոչնչացնէ իր գալուստին փայլով:
তাৰ পাছত সেই অবাধ্যতাৰ পুৰুষ জন প্ৰকাশিত হ’ব আৰু প্ৰভু যীচুৱে নিজৰ মুখৰ নিশ্বাসৰ দ্বাৰাই তাক ধ্বংস কৰিব আৰু তেওঁৰ আগমণৰ আবিৰ্ভাৱৰ দ্বাৰাই তাক শেষ কৰিব।
9 Անօրէնը պիտի գայ Սատանային ներգործութեամբ՝ ամէն տեսակ հրաշքներով, նշաններով ու սուտ սքանչելիքներով,
চয়তানৰ কৰ্ম অনুসাৰে সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্ৰম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব;
10 եւ անիրաւութեան ամբողջ խաբէութեամբ, անոնց համար՝ որ կը կորսուին, քանի որ անոնք չընդունեցին ճշմարտութեան սէրը՝ որպէսզի փրկուին:
১০বিনাশ পথৰ যাত্রী সকলক অধার্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্ৰাণ পাবৰ কাৰণে সত্য প্ৰেমক গ্রহণ নকৰিলে।
11 Այս պատճառով Աստուած ալ պիտի ղրկէ անոնց ազդեցիկ մոլորութիւն մը՝ որ հաւատան ստութեան,
১১সেয়েহে তেওঁলোকে যাতে মিছাত বিশ্বাস কৰিব, তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্রান্তিজনক কার্য কৰা শক্তি পঠাব।
12 որպէսզի դատապարտուին բոլոր անոնք՝ որ չհաւատացին ճշմարտութեան, հապա յօժարեցան անիրաւութեան:
১২যি সকলে সত্যক বিশ্বাস নকৰিলে কিন্তু অধার্মিকতাত আনন্দিত হ’ল, সেই লোক সকলৰ বিচাৰ হ’ব।
13 Բայց մենք պարտական ենք ամէն ատեն շնորհակալ ըլլալ Աստուծմէ՝ ձեզի համար, Տէրոջմէն սիրուած եղբայրնե՛ր, քանի որ Աստուած սկիզբէն ընտրեց ձեզ փրկութեան համար՝ Հոգիին սրբացումով եւ ճշմարտութեան հաւատքով,
১৩প্ৰভুৰ প্ৰিয় ভাইসকল, আপোনালোকৰ কাৰণে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিয়া আমাৰ কৰ্তব্য; কিয়নো আপোনালোকক আত্মাৰ শুদ্ধিকৰণ কাৰ্যৰে পবিত্ৰতালৈ আনিলে আৰু সত্যক বিশ্বাস কৰাৰ মাধ্যমেৰে পৰিত্রাণ পাবৰ কাৰণে ঈশ্বৰে আদিৰে পৰা আপোনালোকক প্রথম ফলৰূপে মনোনীত কৰিলে।
14 որուն կանչեց ձեզ մեր աւետարանով, որպէսզի տիրանաք մեր Տէրոջ՝ Յիսուս Քրիստոսի փառքին:
১৪আমাৰ শুভবার্তাৰ দ্বাৰাই পৰিত্রাণ পাবলৈ তেওঁ আপোনালোকক আমন্ত্রণ কৰিলে যাতে আপোনালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহিমাৰ ভাগী হয়।
15 Ուրեմն, եղբայրնե՛ր, հաստատո՛ւն կեցէք, ու պահեցէ՛ք այն աւանդութիւնները՝ որ սորվեցաք կա՛մ խօսքով, կա՛մ մեր նամակով:
১৫এই হেতুকে, হে ভাই সকল, থিৰে থাকক; পত্রৰ দ্বাৰা বা কথাৰ দ্বাৰাই যি যি শিক্ষা আমি আপোনালোকক দিলোঁ, সেই সকলোকে ধৰি ৰাখক।
16 Եւ մեր Տէրը՝ նոյնինքն Յիսուս Քրիստոս, ու մեր Հայրը՝ Աստուած, որ սիրեց մեզ եւ տուաւ մեզի յաւիտենական մխիթարութիւն ու բարի յոյս՝ շնորհքով, (aiōnios g166)
১৬এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক; (aiōnios g166)
17 թող մխիթարեն ձեր սիրտերը եւ ամրացնեն ձեզ ամէն բարի խօսքի ու գործի մէջ:
১৭আৰু সকলো সৎ কৰ্ম আৰু সদবাক্যত আপোনালোকৰ মন সুস্থিৰ কৰক।

< ԵՐԿՐՈՐԴ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 2 >