< ԱՌԱՋԻՆ ՏԻՄՈԹԷՈՍ 4 >

1 Հոգին յատկապէս կ՚ըսէ թէ վերջին ատենները՝ ոմանք պիտի հեռանան հաւատքէն, ուշադրութիւն դարձնելով մոլորեցուցիչ ոգիներու եւ դեւերու վարդապետութիւններու:
পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,
2 Կեղծաւորութեամբ սուտ պիտի խօսին, խանձուած խղճմտանք պիտի ունենան,
কপট অাচৰণেৰে মিছা কথা কোৱা সকলৰ দ্বাৰাই এইবোৰ শিক্ষা দিয়া হব৷ এনে লোক সকলে নিজৰ বিবেকৰ বিৰুদ্ধে তপত লোৰ দাগ দি নিজক অসাৰ কৰে৷
3 պիտի արգիլեն ամուսնանալ ու ետ պիտի պահեն կերակուրներէն, որ Աստուած ստեղծեր է որպէսզի հաւատացեալները եւ ճշմարտութիւնը գիտցողները շնորհակալութեամբ ընդունին.
এনে মিছলীয়াবোৰে বিয়া কৰাবলৈ নিষেধ কৰে আৰু কিছুমান খাদ্যও খাবলৈ নিষেধ কৰে, কিন্তু যি খাদ্য ঈশ্বৰে স্ৰজন কৰিছে; সেই খাদ্য যি সকলে সত্যক জানি বিশ্বাস কৰিলে, তেওঁলোকে ঈশ্বৰক ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে৷
4 որովհետեւ ամէն ինչ որ Աստուած ստեղծած է՝ բարի է, ու ոչինչ մերժուելու է՝ եթէ ընդունուի շնորհակալութեամբ,
কিয়নো ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম আৰু ধন্যবাদেৰে সৈতে গ্ৰহণ কৰিলে, একোৱেই অগ্ৰাহ্য নহয়,
5 քանի որ կը սրբացուի Աստուծոյ խօսքով եւ աղօթքով:
যিহেতু ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়।
6 Եթէ թելադրես այս բաները եղբայրներուն, պիտի ըլլաս Յիսուս Քրիստոսի բարի սպասարկու մը, սնած խօսքերով հաւատքին ու բարի վարդապետութեան՝ որուն հետեւեցար:
এই সকলো কথা ভাই সকলক মনত পেলাই দিলে, তুমি খ্ৰীষ্ট যীচুৰ এজন উত্তম পৰিচাৰক হবা৷ কাৰণ বিশ্বাসৰ বাক্য আৰু উত্তম শিক্ষাৰ অনুকাৰী হৈ তুমি প্ৰতিপালিত হৈছা৷
7 Բայց մերժէ՛ սրբապիղծ ու պառաւական առասպելները, եւ դուն քեզ վարժեցուր բարեպաշտութեան.
কিন্তু নিন্দাযুক্ত, অপবিত্ৰ আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প-কথাত মন নিদি, ভক্তিত নিপুণ হবলৈ অভ্যাস কৰিবা।
8 որովհետեւ մարմինին վարժութիւնը օգտակար է քիչ բանի, բայց բարեպաշտութիւնը օգտակար է ամէն բանի, ունենալով թէ՛ ներկայ եւ թէ ապագայ կեանքին խոստումը:
কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।
9 Այս խօսքը վստահելի է ու բոլորովին ընդունուելու արժանի:
এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহন কৰিব পৰা, সম্পূর্ণ উপযোগী।
10 Արդարեւ մենք կ՚աշխատինք եւ կը նախատուինք սա՛ նպատակով, որովհետեւ կը յուսանք ապրող Աստուծոյ, որ Փրկիչն է բոլոր մարդոց, մա՛նաւանդ՝ հաւատացեալներուն:
১০কিয়নো এই আশয়েৰেই আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণে কষ্ট কৰোঁ৷ কাৰণ যি জন সকলো লোকৰ, বিশেষকৈ বিশ্বাসী সকলৰ ত্ৰাণকর্তা, সেই জীৱনময় ঈশ্বৰৰ ওপৰত আমি ভাৰসা কৰোঁ।
11 Պատուիրէ՛ եւ սորվեցո՛ւր այս բաները:
১১তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা।
12 Ո՛չ մէկը թող արհամարհէ քու երիտասարդութիւնդ, հապա տիպա՛ր եղիր հաւատացեալներուն՝ խօսքով, վարքով, սիրով, հաւատքով ու մաքրակեցութեամբ:
১২তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা।
13 Մինչեւ որ գամ՝ ուշադի՛ր եղիր կարդալու, յորդորելու, սորվեցնելու:
১৩মই নোযোৱালৈকে তুমি পঢ়াত, উদগণি দিয়াত আৰু শিক্ষা দিয়াত মনোযোগ দি থাকিবা।
14 Անհոգ մի՛ ըլլար քու մէջդ եղած շնորհին հանդէպ, որ մարգարէութեամբ տրուեցաւ քեզի՝ երէցներուն ձեռնադրութեամբ:
১৪যি বৰ তোমাক দিয়া হৈছে, সেই বৰ অৱহেলা নকৰিবা; পৰিচাৰক সকলে যি সময়ত তোমাৰ ওপৰত হাত দিছিল, সেই সময়ত সেই বৰ ভাৱবাণীৰ দ্বাৰাই তোমাৰ ওপৰত অর্পিত হৈছিল।
15 Խոկա՛ այդ բաներուն մասին եւ զբաղէ՛ ատոնցմով, որպէսզի քու յառաջդիմութիւնդ երեւնայ ամենուն:
১৫এই বিষয়বোৰত মনোযোগ দি কার্য কৰা আৰু সেইদৰে চলা, তেতিয়াই সকলো লোকৰ আগত তোমাৰ বিশ্বাসৰ বৃদ্ধি আৰু বিশ্বাসৰ ভেটি প্রকাশ পাব।
16 Ուշադի՛ր եղիր դուն քեզի ու վարդապետութեան, եւ մի՛շտ յարատեւէ ատոնց մէջ. քանի որ այդպէս ընելով՝ պիտի փրկես թէ՛ քեզ, թէ՛ քեզ լսողները:
১৬তুমি নিজৰ জীৱন আৰু শিক্ষা দিয়া বিষয়ত সাৱধান হোৱা আৰু এই দায়িত্ববোৰ পালন কৰিবা। ইয়াকে কৰিলে তুমি নিজকে আৰু তোমাৰ কথা শুনা লোক সকলকো পৰিত্ৰাণ কৰাব পাৰিবা।

< ԱՌԱՋԻՆ ՏԻՄՈԹԷՈՍ 4 >