< ԱՌԱՋԻՆ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 5 >

1 Բայց, եղբայրնե՛ր, պէտք չունիք որ գրեմ ձեզի այդ ժամանակներուն եւ ատեններուն մասին,
হে ভাইসকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই আপোনালোকলৈ একো লিখাৰ প্রয়োজন নাই;
2 քանի որ դուք իսկ ճշգրտութեամբ գիտէք թէ Տէրոջ օրը կու գայ գիշերուան գողին պէս:
কিয়নো আপোনালোকে নিজেই ভালদৰে জানে যে, ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনটোও তেনেকৈয়ে আহিব।
3 Երբ մարդիկ ըսեն թէ “խաղաղութիւն եւ ապահովութիւն է”, այն ատեն աւերումը անակնկալօրէն պիտի հասնի անոնց վրայ՝ յղիին երկունքին պէս, ու զերծ պիտի չմնան:
যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তা” ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।
4 Բայց դո՛ւք, եղբայրնե՛ր, խաւարի մէջ չէք, որ այդ օրը գողի մը պէս հասնի ձեր վրայ.
কিন্তু হে ভাই সকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই;
5 որովհետեւ դուք բոլորդ լոյսի որդիներ էք, եւ ցերեկուան որդիներ.
কিয়নো আপোনালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ।
6 գիշերուան որդիներ չենք, ո՛չ ալ խաւարի: Ուրեմն չքնանա՛նք ուրիշներու նման, հապա ըլլա՛նք արթուն ու զգաստ.
এই হেতুকে আহক, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযত হৈ থাকোহঁক।
7 քանի որ անոնք որ կը քնանան՝ գիշե՛րը կը քնանան, եւ անոնք որ կ՚արբենան՝ գիշե՛րը կ՚արբենան:
কিয়নো যি সকলে টোপনিয়াই, তেওঁলোকে ৰাতিহে টোপনিয়ায়; যি সকল মদ্যপায়ী, তেওঁলোক ৰাতিহে মাতাল হয়।
8 Իսկ մենք՝ որ ցերեկուան որդիներն ենք, զգա՛ստ ըլլանք՝ հագնելով հաւատքի ու սիրոյ զրահը, եւ իբր սաղաւարտ՝ փրկութեան յոյսը:
কিন্তু আমি হলে দিনৰ সন্তান হোৱাত, আহক আমি সংযমী হওঁ; বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি, মূৰত পৰিত্রাণৰ আশাৰূপ নিশ্চয়তাৰ টকয়া পিন্ধোহঁক।
9 Որովհետեւ Աստուած որոշեց մեզ ո՛չ թէ բարկութեան համար, հապա՝ փրկութեան տիրանալու մեր Տէրոջ՝ Յիսուս Քրիստոսի միջոցով:
কিয়নো আমি ক্ৰোধৰ পাত্ৰ হবলৈ নহয়, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্রাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক মনোনীত কৰিলে;
10 Ան մեռաւ մեզի համար, որպէսզի մենք ապրինք իրեն հետ, արթուն ըլլանք թէ քնացած:
১০আমি জীয়াই থাকো বা নিদ্ৰিত অৱস্থাতেই থাকো, আমি যেন তেওঁৰ লগতেই জীৱিত থাকিব পাৰোঁ, এই কাৰণে যীচুৱে আমাৰ কাৰণে প্রাণ দিলে।
11 Ուստի յորդորեցէ՛ք զիրար եւ շինեցէ՛ք զիրար, ինչպէս արդէն կ՚ընէք:
১১এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।
12 Կը թախանձենք ձեզի, եղբայրնե՛ր, որ ճանչնաք ձեր մէջ աշխատողները, Տէրոջմով վերակացուներն ու ձեզ խրատողները:
১২ভাই সকল, আমি বিনয় কৰোঁ, যি লোক সকলে আপোনালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত আপোনালোকৰ ওপৰত পৰিচালনাত আছে, আৰু আপোনালোকক উপদেশ দিয়ে, সেই লোক সকলক আপোনালোকে সন্মান কৰক।
13 Պատուեցէ՛ք զանոնք մեծ սիրով՝ իրենց գործին համար: Խաղաղութի՛ւն ունեցէք իրարու հետ:
১৩আমি পুণৰ কওঁ, আপোনালোকে তেওঁলোকৰ কার্যৰ কাৰণে প্রেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰক আৰু পৰস্পৰৰ মাজত শান্তি বজায় ৰাখক।
14 Կը յորդորե՛նք ձեզ, եղբայրնե՛ր, խրատեցէ՛ք անկարգները, սփոփեցէ՛ք թուլասիրտները, ձեռնտո՛ւ եղէք տկարներուն, համբերատա՛ր եղէք բոլորին հանդէպ:
১৪ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।
15 Զգուշացէ՛ք, ո՛չ մէկը չարիքի փոխարէն չարիք հատուցանէ ոեւէ մէկուն. հապա՝ ամէն ատեն հետամո՛ւտ եղէք բարիին, թէ՛ ձեր միջեւ, թէ՛ բոլորին հանդէպ:
১৫সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।
16 Ամէն ատեն ուրա՛խ եղէք:
১৬সকলো সময়তে আনন্দত থাকক।
17 Անդադար աղօթեցէ՛ք:
১৭নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক।
18 Ամէն բանի մէջ շնորհակա՛լ եղէք, որովհետեւ ա՛յս է Աստուծոյ կամքը ձեզի հանդէպ՝ Քրիստոս Յիսուսով:
১৮সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
19 Մի՛ մարէք Սուրբ Հոգին:
১৯পবিত্ৰ আত্মাক নুনুমাব।
20 Մի՛ անարգէք մարգարէութիւնները:
২০ভাৱবাণী হেয়জ্ঞান নকৰিব।
21 Քննեցէ՛ք ամէն բան, բարի՛ն ամուր բռնեցէք:
২১সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখক।
22 Ե՛տ կեցէք ամէն տեսակ չարութենէ:
২২সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক।
23 Նոյնինքն խաղաղութեան Աստուածը ամբողջովին սրբացնէ ձեզ, եւ ձեր հոգին, անձն ու մարմինը ամբողջութեամբ անմեղադրելի պահուին մինչեւ մեր Տէրոջ՝ Յիսուս Քրիստոսի գալուստը:
২৩শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু আপোনালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত হওক।
24 Ա՛ն որ կանչեց ձեզ՝ հաւատարիմ է. նաեւ ի՛նք պիտի կատարէ ատիկա:
২৪যি জনে আপোনালোকক আমন্ত্ৰণ কৰিছে, তেৱেঁই সেয়া কৰিব, কাৰণ তেওঁ বিশ্বাসী।
25 Եղբայրնե՛ր, աղօթեցէ՛ք մեզի համար:
২৫ভাই সকল, আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব।
26 Բարեւեցէ՛ք բոլոր եղբայրները սուրբ համբոյրով:
২৬সকলো ভাইকে পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব।
27 Կը պարտադրեմ՝՝ ձեզ Տէրոջմով, որ կարդաք այս նամակը բոլոր սուրբ եղբայրներուն:
২৭মই আপোনালোকক প্ৰভুৰ যোগেদি এই অনুৰোধ কৰোঁ যে, এই পত্ৰ যেন সকলো ভাইৰ আগত পাঠ কৰি শুনোৱা হয়।
28 Մեր Տէրոջ՝ Յիսուս Քրիստոսի շնորհքը ձեզի հետ: Ամէն:
২৮আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক।

< ԱՌԱՋԻՆ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 5 >