< ԱՌԱՋԻՆ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 4 >

1 Ուրեմն, եղբայրնե՛ր, կը թախանձենք ձեզի ու կը յորդորենք ձեզ Տէր Յիսուսով, որպէսզի՝ ինչպէս ընդունեցիք մեզմէ թէ ի՛նչպէս պէտք է ընթանաք եւ հաճեցնէք Աստուած՝ ա՛լ աւելի ճոխանաք անոր մէջ,
সর্বশেষত, হে প্রিয় ভাইসকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন-যাপন কৰিব লাগে, এই বিষয়ে আপোনালোকে আমাৰ পৰা যি শিক্ষা গ্রহণ কৰিলে, সেইভাৱেই আপোনালোকে চলিছে। আমি প্রভু যীচুত থাকি আপোনালোকক উদগাওঁ আৰু পৰামর্শ দিওঁ, আপোনালোকে যেন অধিককৈ সেইভাৱে জীৱন-যাপন কৰে।
2 քանի որ գիտէք թէ ի՛նչ պատուէրներ տուինք ձեզի՝ Տէր Յիսուսով:
কাৰণ প্ৰভু যীচুৰ অধিকাৰৰ দ্বাৰাই আমি আপোনালোকক কি কি পৰামৰ্শ দিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।
3 Որովհետեւ Աստուծոյ կամքը՝ ձեր սրբացումն է, որ ետ կենաք պոռնկութենէ,
কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে।
4 ու ձեզմէ իւրաքանչիւրը գիտնայ իր անօթին տիրանալ սրբութեամբ եւ պատիւով.
আপোনালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানে।
5 ո՛չ թէ ցանկութեան կիրքով, ինչպէս հեթանոսները՝ որ չեն ճանչնար Աստուած:
ঈশ্বৰক নজনা অনা-ইহুদী সকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে।
6 Ո՛չ մէկը թող չափազանցէ այդ բանին՝՝ մէջ ու կեղեքէ իր եղբայրը, քանի որ Տէրը վրէժխնդիր է այդ բոլորին համար, ինչպէս մենք ալ նախապէս ըսինք ձեզի եւ վկայեցինք.
এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে আপোনালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো পাপ বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব।
7 որովհետեւ Աստուած կանչեց մեզ ո՛չ թէ անմաքրութեան, հապա՝ սրբութեան:
কিয়নো ঈশ্বৰে আমাক অপবিত্রতালৈ নহয়, কিন্তু পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে।
8 Ուստի ա՛ն որ կ՚անարգէ՝ կ՚անարգէ ո՛չ թէ մարդ մը, հապա Աստուած՝ որ իր Սուրբ Հոգին ալ տուաւ մեզի:
এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁ মানুহক নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে, সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে।
9 Իսկ եղբայրսիրութեան մասին պէտք չունիք որ գրեմ ձեզի, որովհետեւ դուք արդէն Աստուծմէ սորված էք սիրել զիրար,
ভাতৃপ্ৰেমৰ বিষয়ে হ’লে আপোনালোকলৈ লিখা অপ্ৰয়োজন; কিয়নো এজনে আন জনক প্রেম কৰাৰ শিক্ষা আপোনালোকে ঈশ্বৰৰ পৰাই শিকিছে।
10 եւ արդարեւ ատիկա կ՚ընէք ամբողջ Մակեդոնիայի մէջ եղող բոլոր եղբայրներուն հանդէպ: Սակայն կ՚աղաչե՛նք ձեզի, եղբայրնե՛ր, որ ա՛լ աւելի ճոխանաք,
১০বাস্তৱতে সমুদায় মাকিদনিয়া প্রদেশৰ সকলো বিশ্বাসী ভাইকে আপোনালোকে প্রেম কৰে। কিন্তু হে ভাইসকল, আমাৰ পৰামর্শ এই যে, আপোনালোকে যেন প্রেমত অধিককৈ উপচি পৰে।
11 ու պատի՛ւ համարէք հանդարտ կենալ, ձեր գործերով զբաղիլ եւ ձեր ձեռքերով աշխատիլ, (ինչպէս պատուիրեցինք ձեզի, )
১১আমি আপোনালোকক পুণৰ পৰামর্শ দিওঁ যে, আপোনালোকে শান্তিপূর্ণ জীৱন কটোৱাৰ বাবে আপ্রাণ চেষ্টা কৰক; আমি দিয়া আজ্ঞা অনুসাৰে নিজৰ কার্যত মনোযোগ দিয়ক, নিজ হাতেৰে পৰিশ্রম কৰিবলৈ ইচ্ছা কৰক।
12 որպէսզի դուրսիններուն հետ վարուիք վայելչութեամբ ու ո՛չ մէկ բանի՝՝ պէտք ունենաք:
১২আপোনালোকে এনেদৰে জীৱন কটাওঁক যাতে বিশ্বাস নকৰা বাহিৰা লোকে আপোনালোকৰ সন্মানপূর্ণ উপযুক্ত আচাৰ-ব্যৱহাৰক মান্য কৰিব পাৰে আৰু এইদৰে আপোনালোকৰ যেন একোৰে অভাৱ নহয়।
13 Եղբայրնե՛ր, չենք ուզեր որ անգէտ ըլլաք ննջեցեալներուն մասին, որպէսզի չտրտմիք ինչպէս ուրիշները՝ որ յոյս չունին:
১৩হে ভাইসকল, যিসকল লোক নিদ্রিত হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।
14 Արդարեւ եթէ կը հաւատանք թէ Յիսուս մեռաւ եւ յարութիւն առաւ, նոյնպէս ալ հաւատանք թէ Աստուած պիտի բերէ Յիսուսով ննջողները՝ անոր հետ:
১৪কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব।
15 Որովհետեւ սա՛ կը յայտարարենք ձեզի՝ Տէրոջ խօսքով, թէ մենք՝ մինչեւ Տէրոջ գալուստը ողջ մնացողներս՝ բնա՛ւ պիտի չկանխենք ննջեցեալները:
১৫প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি আপোনালোকক এই কথা কওঁ যে, আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমণত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সেই মৃত লোক সকলতকৈ আগেয়ে নাযাওঁ।
16 Քանի որ նոյնինքն Տէրը պիտի իջնէ երկինքէն՝ ազդարարութեան հրամանով, հրեշտակապետին ձայնով եւ Աստուծոյ փողով, ու նախ Քրիստոսով մեռածնե՛րը յարութիւն պիտի առնեն:
১৬কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তূৰী বাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব;
17 Ապա մենք, ողջ մնացողներս, անոնց հետ պիտի յափշտակուինք ամպերով՝ Տէրը դիմաւորելու օդին մէջ, եւ այդպէս Տէրոջ հետ պիտի ըլլանք յաւիտեան:
১৭তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হব আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম।
18 Հետեւաբար մխիթարեցէ՛ք զիրար այս խօսքերով:
১৮এতেকে, এইবোৰ কথাৰ দ্বাৰাই আপোনালোকে পৰস্পৰক সান্ত্বনা দিয়ক।

< ԱՌԱՋԻՆ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 4 >