< ԱՌԱՋԻՆ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 3 >

1 Ուստի, չկարենալով ա՛լ աւելի դիմանալ, յօժարեցանք առանձին մնալ Աթէնք,
গতিকে আমি যেতিয়া ধৈর্য ধৰিব নোৱাৰিলোঁ, তেতিয়া আথিনী নগৰত অকলে থাকিবলৈকে মনস্থ কৰিলোঁ।
2 եւ ղրկեցինք Տիմոթէո՛սը - մեր եղբայրը, Աստուծոյ սպասարկուն ու մեր գործակիցը Քրիստոսի աւետարանին մէջ -, ամրացնելու ձեզ եւ յորդորելու ձեր հաւատքին մէջ.
সেয়েহে, আপোনালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলোঁ,
3 որպէսզի այս տառապանքներուն մէջ ձեզմէ ո՛չ մէկը խախտի, որովհետեւ դուք ձեզմէ գիտէք թէ մենք սահմանուած ենք ատոնց համար:
যাতে এনেবোৰ ক্লেশৰ মাজত আপোনালোক কোনোৱে হতাশ নহয়। কাৰণ আপোনালোকে জানে যে ক্লেশৰ কাৰণেই আমি নিযুক্ত হৈছোঁ।
4 Քանի որ երբ մենք ձեր քով էինք, կանխաւ կ՚ըսէինք ձեզի թէ տառապանքներ պիտի կրենք, ինչպէս եղաւ ալ ու դուք գիտէք:
সেই বিষয়ে আমি আপোনালোকৰ লগত থাকোতেই ক্লেশ যে আমাৰ ওপৰত আহিব সেই কথা আগেয়ে কৈছিলোঁ। পাছত সেইদৰে ঘটিল, সেই বিষয়ে আপোনালোকে জানে।
5 Հետեւաբար ես ալ, չկարենալով աւելի դիմանալ, մարդ ղրկեցի՝ գիտնալու ձեր հաւատքը, թէ արդեօք Փորձիչը փորձա՛ծ է ձեզ, ու մեր աշխատանքը ընդունայն եղա՛ծ է:
সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি, আপোনালোকৰ বিশ্বাসৰ স্হিতি জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলোঁ। আমাৰ ভয় হৈছিল, হয়তো চয়তানে আপোনালোকক পৰীক্ষাত পেলালে আৰু আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ’ল।
6 Բայց հիմա Տիմոթէոս ձեզմէ եկաւ մեզի եւ ձեր հաւատքին ու սիրոյն աւետիսը տուաւ մեզի, եւ ըսաւ թէ ամէն ատեն լաւ յիշատակ ունիք մեզմէ՝ տենչալով տեսնել մեզ, ինչպէս մենք ալ՝ ձեզ:
কিন্তু তীমথিয়ই আপোনালোকৰ ওচৰৰ পৰা ঘূৰি আহি আপোনালোকৰ বিশ্বাস আৰু ভালপোৱাৰ শুভ সংবাদ আমাক দিলেহি; তেওঁ জনালে যে, আপোনালোকে আমাক স্নেহভাৱেৰে সকলো সময়তে সোঁৱৰণ কৰি আছে৷ আমাক দেখা পাবলৈ যেনেকৈ আপোনালোকে ইচ্ছা কৰে, তেনেকৈ আমিও আপোনালোকক চাবৰ কাৰণে অতিশয় হাবিয়াহ কৰি আছোঁ।
7 Հետեւաբար, եղբայրնե՛ր, ձեր մասին մխիթարուեցանք մեր բոլոր տառապանքներուն ու հարկադրանքներուն մէջ՝ ձեր հաւատքով.
এই কাৰণে, হে ভাইসকল, আপোনালোকৰ বিশ্বাসৰ যোগেদি আমাৰ সকলো দুখ ক্লেশতো আমি উৎসাহ পাওঁ।
8 որովհետեւ հիմա մենք կ՚ապրինք՝ եթէ դուք հաստատուն կենաք Տէրոջմով:
কিয়নো আপোনালোক প্ৰভুত দৃঢ় থকাৰ বাবে আমি এতিয়া সঁচাকৈ জীয়াই আছোঁ।
9 Քանի որ ի՞նչպէս կրնանք շնորհակալ ըլլալ Աստուծմէ՝ ձեզի համար, այն ամբողջ ուրախութեան համար՝ որ ձեր պատճառով կ՚ուրախացնէ մեզ մեր Աստուծոյն առջեւ.
আপোনালোকৰ কাৰণে ঈশ্বৰৰ সাক্ষাতে আমি যি আনন্দেৰে আনন্দিত হৈছোঁ, তাৰ প্ৰতিদান স্বৰূপে কেনেকৈ যে আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিব পাৰিম, আমি নাজানো!
10 գիշեր ու ցերեկ չափազանց կ՚աղերսենք, որպէսզի տեսնենք ձեր երեսը եւ լրացնենք ինչ որ կը պակսի ձեր հաւատքին:
১০আপোনালোকৰ মুখ আমি যেন দেখা পাওঁ আৰু আপোনালোকৰ বিশ্বাসত যি অভাৱ আছে, সেয়া যেন পূৰণ কৰিব পাৰোঁ, এই বাবে দিনে-ৰাতিয়ে আমি প্ৰাৰ্থনা কৰি আছোঁ৷
11 Նոյնինքն Աստուած՝ մեր Հայրը, ու մեր Տէրը՝ Յիսուս Քրիստոս, թող ուղղեն մեր ճամբան դէպի ձեզ:
১১পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুৱে আপোনালোকৰ ওচৰলৈ যোৱাৰ পথ সুগম কৰি দিয়ক।
12 Տէրը թող աճեցնէ եւ առատացնէ ձեր սէրը իրարու հանդէպ ու բոլորին հանդէպ, ինչպէս մենք ունինք ձեզի հանդէպ,
১২আপোনালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে আপোনালোকৰ প্ৰেম বঢ়াই উপচাই দিয়ক।
13 որպէսզի ամրացնէ ձեր սիրտերը՝ սրբութեան մէջ անմեղադրելի ըլլալու Աստուծոյ եւ մեր Հօր առջեւ, մեր Տէրոջ՝ Յիսուս Քրիստոսի գալուստին ատենը՝ իր բոլոր սուրբերուն հետ:
১৩ঈশ্বৰে আপোনালোকৰ হৃদয় দৃঢ় কৰিব। আমাৰ প্ৰভু যীচু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেতিয়া তেওঁৰ সেই আগমণৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত আপোনালোক যেন পবিত্ৰতাৰে নির্দোষী হৈ থিয় হ’ব পাৰিব, তাৰ বাবেই আমি প্ৰাৰ্থনা কৰি আছোঁ।

< ԱՌԱՋԻՆ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 3 >