< ԱՌԱՋԻՆ ՅՈՎՀԱՆՆՈՒ 3 >

1 Տեսէ՛ք թէ Հայրը ինչպիսի՜ սէր շնորհեց մեզի, որպէսզի մենք Աստուծոյ զաւակներ կոչուինք. ուստի աշխարհը չի ճանչնար մեզ, որովհետեւ չճանչցաւ զինք:
ভাবি চাওক, পিতৃ ঈশ্বৰে আমাক কেনে প্ৰেম প্ৰদান কৰিলে, আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোও! এই বাবে জগতৰ মানুহে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে৷
2 Սիրելինե՛ր, հիմա մենք Աստուծոյ զաւակներն ենք, եւ տակաւին բացայայտ չէ թէ ի՛նչ պիտի ըլլանք. բայց գիտենք թէ երբ ինք երեւնայ՝ իրեն պէս պիտի ըլլանք, որովհետեւ պիտի տեսնենք զինք՝ ինչպէս որ է:
হে প্ৰিয়সকল, এতিয়া আমি ঈশ্বৰৰ সন্তান; কিন্তু পাছত কি হ’ম, সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু আমি জানো যে, খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হব, তেতিয়া আমি তেওঁৰ নিচিনাই হ’ম৷ তেওঁ যেনেকুৱা আছে, তেনেকুৱাই তেওঁক দেখিম৷
3 Ո՛վ որ այս յոյսը ունի անոր վրայ, կը մաքրագործէ ինքզինք՝ ինչպէս ան մաքուր է:
আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে আশা বা আত্মবিশ্বাস আছে, তেওঁ যেনে শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে।
4 Ո՛վ որ մեղք կը գործէ՝ կը գործէ նաեւ անօրէնութիւն, եւ բո՛ւն մեղքը՝ անօրէնութիւնն է:
যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ বিধান লঙ্ঘন কৰে; আৰু বিধান-লঙ্ঘন কৰাই পাপ।
5 Եւ գիտէք թէ ան յայտնուեցաւ՝ որպէսզի քաւէ մեր մեղքերը. բայց անոր մէջ մեղք չկայ:
আপোনালোকে জানে যে, পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ’ল আৰু তেওঁত কোনো পাপ নাই।
6 Ո՛վ որ կը բնակի անոր մէջ՝ չի մեղանչեր. ո՛վ որ մեղանչէ, տեսած չէ զայն ու ճանչցած չէ զայն:
যি কোনোৱে তেওঁত থাকে, তেওঁ পাপ নকৰে; যি কোনোৱে পাপ কৰে, তেওঁ তেওঁক দেখা নাই আৰু জনাও নাই।
7 Որդեակնե՛ր, ո՛չ մէկը թող մոլորեցնէ ձեզ. ո՛վ որ արդարութիւն կը գործէ՝ արդար է, ինչպէս ան արդար է:
হে প্রিয় সন্তানসকল, আপোনালোকক ভুলাবলৈ কাকো নিদিব; যি কোনোৱে ধাৰ্মিকতা আচৰণ কৰে, খ্ৰীষ্ট যেনে ধাৰ্মিক, তেৱোঁ তেনে ধাৰ্মিক হয়।
8 Ո՛վ որ մեղք կը գործէ՝ Չարախօսէն է, որովհետեւ Չարախօսը կը մեղանչէ սկիզբէն ի վեր. Աստուծոյ Որդին յայտնուեցաւ՝ որպէսզի քանդէ Չարախօսին գործերը:
যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ চয়তানৰ; কিয়নো চয়তানে আদিৰে পৰা পাপ কৰি আছে। চয়তানৰ কৰ্ম ধ্বংস কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ’ল।
9 Ո՛վ որ Աստուծմէ ծնած է՝ մեղք չի գործեր, որովհետեւ անոր սերմը կը մնայ իր մէջ. ու չի կրնար մեղանչել, քանի որ Աստուծմէ ծնած է:
যিজন ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, তেওঁ পাপ-আচৰণ নকৰে; কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে৷ তেওঁ পাপ কৰিব নোৱাৰে; কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ’ল।
10 Ասո՛վ բացայայտ կ՚ըլլան Աստուծոյ զաւակներն ու Չարախօսին զաւակները: Ո՛վ որ արդարութիւն չի գործեր՝ Աստուծմէ չէ, ո՛չ ալ ա՛ն՝ որ չի սիրեր իր եղբայրը:
১০ইয়াতে প্রকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন চয়তানৰ সন্তান! যি কোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ সন্তান নহয়। যিজনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়।
11 Արդարեւ սա՛ է այն պատգամը՝ որ դուք լսեցիք սկիզբէն, որ սիրենք զիրար:
১১কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এই বার্তা আপোনালোকে আদিৰে পৰা শুনি আছে।
12 Չըլլա՛նք Կայէնի պէս, որ Չարէն էր ու մորթեց իր եղբայրը: Եւ ինչո՞ւ մորթեց զայն. քանի որ իր գործերը չար էին, իսկ իր եղբօր գործերը՝ արդար:
১২আপোনালোক কয়িনৰ নিচিনা নহব। কয়িন চয়তানৰ লোক আছিল আৰু তেওঁ চয়তানৰ পৰা হ’ল আৰু নিজ ভায়েকক বধ কৰিলে। তেওঁ কি কাৰণে নিজ ভাইক বধ কৰিলে? কাৰণ তেওঁৰ কৰ্ম মন্দ আছিল, কিন্তু তেওঁৰ ভায়েক ধাৰ্মিক আছিল।
13 Մի՛ զարմանաք, եղբայրնե՛րս, եթէ աշխարհը ատէ ձեզ:
১৩হে মোৰ ভাইসকল, জগতে যদি আপোনালোকক ঘৃণা কৰে, তেনেহলে তাত বিস্ময় নামানিব।
14 Մենք գիտենք թէ անցանք մահէն կեանքի, որովհետեւ կը սիրենք եղբայրները. ա՛ն որ չի սիրեր եղբայրը՝ կը բնակի մահուան մէջ:
১৪আমি ভাই সকলক প্ৰেম কৰাৰ কাৰণে বুজি পাওঁ যে, আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’লোঁ, ইয়াকে জানো। যি কোনোৱে প্ৰেম নকৰে, তেওঁ মৃত্যুতেই থাকে।
15 Ո՛վ որ կ՚ատէ իր եղբայրը՝ մարդասպան է, եւ գիտէք թէ ո՛չ մէկ մարդասպանի մէջ կը բնակի յաւիտենական կեանքը: (aiōnios g166)
১৫যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এজন নৰবধী৷ কোনো নৰবধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক আপোনালোকে জানে। (aiōnios g166)
16 Մենք գիտցանք Քրիստոսի սէրը, քանի որ ան ընծայեց իր անձը մեզի համար. մե՛նք ալ պարտաւոր ենք ընծայել մեր անձը մեր եղբայրներուն համար:
১৬যীচু খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, ইয়াতেই আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ৷ আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত।
17 Բայց եթէ մէկը՝ որ ունի այս աշխարհի ապրուստը, տեսնելով իր կարօտեալ եղբայրը՝ իր գութը գոցէ անկէ, ի՞նչպէս անոր մէջ Աստուծոյ սէրը բնակած կ՚ըլլայ:
১৭কিন্তু যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহলে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব?
18 Որդեակնե՛րս, սիրե՛նք ո՛չ թէ խօսքով ու լեզուով, հապա՝ գործով եւ ճշմարտութեամբ:
১৮হে প্রিয় সন্তানসকল, আহক; আমি কেৱল বাক্যৰ দ্বাৰাই বা জিভাৰে নহয়, কৰ্ম আৰু সত্যেৰে প্ৰেম কৰোঁহক।
19 Ասո՛վ կը գիտնանք թէ ճշմարտութենէն ենք, ու մեր սիրտերը կը վստահին անոր առջեւ երեւնալու.
১৯ইয়াৰ দ্বাৰাই আমি জানো যে, সত্যৰ পৰা হওঁ;
20 որովհետեւ եթէ մեր սիրտը պարսաւէ մեզ, Աստուած աւելի մեծ է քան մեր սիրտը եւ գիտէ ամէն բան:
২০আৰু আমাৰ অন্তৰে আমাক দোষী কৰিলেও তেওঁৰ উপস্থিতিত আমাৰ অন্তৰ আশ্বাসত থাকিব৷ কাৰণ ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান আৰু তেওঁ সকলো জানে।
21 Սիրելինե՛ր, եթէ մեր սիրտը չպարսաւէ մեզ, այն ատեն համարձակութիւն կ՚ունենանք Աստուծոյ առջեւ,
২১হে প্ৰিয় সন্তানসকল, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে, তেনেহলে ঈশ্বৰত আমাৰ নিশ্চয়তা বা আত্মবিশ্বাস আছে;
22 եւ ի՛նչ որ խնդրենք՝ կը ստանանք անկէ, որովհետեւ կը պահենք անոր պատուիրանները, ու կ՚ընենք անոր առջեւ հաճելի եղած բաները:
২২আৰু আমি যিহকে যাচনা কৰোঁ, সেয়ে আমি তেওঁৰ পৰা পাওঁ৷ কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক, সেই কৰ্ম আমি কৰোঁ।
23 Սա՛ է անոր պատուիրանը, որ հաւատանք իր Որդիին՝ Յիսուս Քրիստոսի անունին, ու սիրենք զիրար՝ ինչպէս պատուիրեց մեզի:
২৩তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ নামত আমি যেন বিশ্বাস কৰোঁ আৰু তেওঁ আমাক দিয়া আজ্ঞাৰ দৰে আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এয়ে তেওঁৰ আজ্ঞা।
24 Ո՛վ որ կը պահէ անոր պատուիրանները՝ կը բնակի անոր մէջ, ան ալ՝ իր մէջ. եւ ասո՛վ գիտենք թէ ան կը բնակի մեր մէջ, այսինքն այն Հոգիով՝ որ տուաւ մեզի:
২৪আৰু যিজনে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে৷ তেওঁ যে আমাৰ লগত থাকে, ইয়াকে তেওঁ আমাক দিয়া আত্মাৰ দ্বাৰাই আমি জানোঁ।

< ԱՌԱՋԻՆ ՅՈՎՀԱՆՆՈՒ 3 >