< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 4 >

1 Մարդիկ թող սեպեն մեզ՝ որպէս Քրիստոսի սպասաւորներն ու Աստուծոյ խորհուրդներուն տնտեսները:
লোক সকলৰ মাজত আমাৰ পৰিচয় এয়ে হওক যে, আমি খ্রীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগূঢ় তত্ত্বৰূপ ধনৰ অধ্যক্ষ।
2 Իսկ տնտեսէ մը կը պահանջուի որ հաւատարիմ գտնուի:
কিন্তু অধ্যক্ষ জন যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে।
3 Բայց ինծի համար չնչին բան է որ դատուիմ ձեզմէ, կամ մարդոց դատաստանէն. նոյնիսկ ե՛ս չեմ դատեր զիս.
মোৰ বিষয়ে আপোনালোকৰ দ্বাৰা বা আন কোনো মানুহৰ বিচাৰ সভাৰ দ্বাৰা যে, মোৰ বিচাৰ হয়, ই মোৰ বাবে অতি সামান্য কথা। কিয়নো মই মোৰ নিজৰেই বিচাৰ নকৰোঁ।
4 (որովհետեւ ես ոչինչո՛վ գիտակից եմ իմ մասիս. բայց ո՛չ թէ ասով կ՚արդարանամ.) հապա զիս դատողը՝ Տէ՛րն է:
কিয়নো মই মোৰ নিজৰ বিৰুদ্ধে থকা একো অভিযোগৰ বিষয়ে নাজানো। কিন্তু তাৰ অর্থ এয়ে নহয় যে, মই নিৰ্দ্দোষী বুলি প্ৰমাণিত; কাৰণ যি জনে মোৰ সোধ-বিচাৰ কৰে, তেওঁ প্রভু।
5 Հետեւաբար ատենէն առաջ մի՛ դատէք՝ մինչեւ որ Տէրը գայ. ի՛նք պիտի լուսաւորէ խաւարին գաղտնիքը ու երեւան պիտի հանէ սիրտերուն ծրագիրները, եւ ա՛յն ատեն իւրաքանչիւրը գովեստ պիտի ունենայ Աստուծմէ:
এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
6 Այս բաները, եղբայրնե՛ր, օրինակով մը կիրարկեցի՝՝ ինծի եւ Ապողոսի՝ ձեզի՛ համար, որ դուք մեզմով սորվիք գրուածէն աւելի բան մը չմտածել մարդոց մասին, որպէսզի ձեզմէ ո՛չ մէկը հպարտանայ մէկուն համար ուրիշի մը դէմ:
প্রিয় ভাই আৰু ভনী সকল, আপোনালোকৰ কাৰণে মই মোৰ নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই সকলো কথা ক’লো যাতে আপোনালোকে আমাৰ পৰা এই শিক্ষা পাই যে, “শাস্ত্রত যি যি লিখা আছে তাক অতিক্রম কৰি যাব নালাগে।” আপোনালোকৰ কোনেও যেন এজনৰ পক্ষ হৈ আন জনৰ বিপক্ষে গর্ব নকৰে।
7 Որովհետեւ ո՞վ է ան՝ որ տարբեր կ՚ընէ քեզ ուրիշներէն, եւ ի՞նչ ունիս՝ որ չես ստացած. ու եթէ ստացար, ինչո՞ւ կը պարծենաս՝ իբր թէ ստացած չըլլաս:
কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পাই, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে?
8 Արդէն յագեցած էք, արդէն հարուստ էք, առանց մեզի թագաւորեցիք. ու երանի՜ թէ թագաւորէիք, որպէսզի մենք ալ թագաւորէինք ձեզի հետ,
আপোনালোকৰ যি প্রয়োজন সেই সকলো পাই আপোনালোক এতিয়া পূর্ণ হৈ আছে! এতিয়া আপোনালোক ধনৱন্ত হৈছে! আমাক বাদ দিয়েই আপোনালোকে ৰাজত্ব পাইছে! অৱশ্যে, আপোনালোকে ৰাজত্ব পালে ভালেই হয়, তেনেহলে আপোনালোকৰ সৈতে আমিও ৰাজত্ব পাব পাৰোঁ।
9 քանի որ կը կարծեմ թէ Աստուած յետիններ ըրաւ մեզ՝ առաքեալներս, մահապարտներու պէս. որովհետեւ տեսարան եղանք աշխարհին, հրեշտակներուն ու մարդոց:
কাৰণ, মোৰ ধাৰণা হয়, পাঁচনি সকল যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোক সকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে। সেয়েহে আমি জগতৰ, স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক কৌতুকৰ পাত্ৰ হৈছোঁ।
10 Մենք յիմարներ ենք Քրիստոսի համար, իսկ դուք՝ իմաստուններ Քրիստոսով: Մենք՝ տկար, բայց դուք՝ ուժեղ: Դուք՝ փառաւորուած, իսկ մենք՝ անպատուուած:
১০আমি খ্ৰীষ্টৰ অৰ্থে মূৰ্খ হৈছোঁ, কিন্তু আপোনালোক খ্রীষ্টত বুদ্ধিমন্ত হৈছে। আমি দূৰ্বল, কিন্তু আপোনালোক বলৱন্ত। আপোনালোক মান্যৱন্ত, কিন্তু আমি অনাদৃত।
11 Մինչեւ այս ժամը թէ՛ կ՚անօթենանք, թէ՛ կը ծարաւնանք, թէ՛ մերկ կը մնանք, թէ՛ կը կռփահարուինք, թէ՛ որոշ բնակավայր չունինք,
১১এই সময়লৈকে আমি ভোক আৰু পিয়াহত কষ্ট পাইছো। পিন্ধনত আমাৰ জীর্ণ বস্ত্ৰ, আমাক নিষ্ঠুৰভাৱে আঘাত কৰা হৈছে, আমি গৃহহীন।
12 թէ՛ ալ կը տքնինք՝ մեր ձեռքերով գործելով: Երբ մեզ հեգնեն՝ կ՚օրհնենք. երբ հալածեն՝ կը հանդուրժենք.
১২আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্রম কৰিছোঁ। লোকে যেতিয়া আমাক নিন্দা কৰে, আমি আশীৰ্বাদ কৰিছোঁ; যেতিয়া তাড়না কৰে, আমি সহন কৰিছোঁ;
13 երբ հայհոյեն՝ կ՚աղաչենք: Աշխարհի աղտեղութիւնը դարձանք, բոլորին աւելցուքը՝ մինչեւ հիմա:
১৩কোনোৱে অপবাদ দিলে, বিনম্রতাৰে কথা পাঁতো। এতিয়ালৈকে আমি যেন জগতৰ আৱর্জনা আৰু আটাইতকৈ মলিয়ন বস্তুস্বৰূপ হৈ আছোঁ।
14 Այս բաները կը գրեմ՝ ո՛չ թէ ձեզ ամչցնելու համար, հապա կը խրատեմ ձեզ՝ սիրելի զաւակներուս պէս:
১৪মই আপোনালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছোঁ, এনে নহয়; কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছোঁ।
15 Որովհետեւ՝ նոյնիսկ եթէ դուք տասը հազար վարժապետներ ունենաք Քրիստոսով, ո՛չ թէ շատ հայրեր ունիք. քանի որ Քրիստոս Յիսուսով ե՛ս ծնայ ձեզ՝ աւետարանին միջոցով:
১৫কিয়নো খ্ৰীষ্টত যদিও আপোনালোকৰ দহ হাজাৰ গুৰু থাকিব পাৰে, কিন্তু পিতৃ অনেক নাই; কাৰণ খ্রীষ্ট যীচুত শুভবাৰ্তাৰ দ্বাৰা ময়েই আপোনালোকৰ পিতৃ স্বৰূপ হ’লো।
16 Ուրեմն կ՚աղաչե՛մ ձեզի, նմանեցէ՛ք ինծի:
১৬এতেকে বিনয় কৰোঁ, আপোনালোক মোৰ অনুকাৰী হওক।
17 Ասոր համար ձեզի ղրկեցի Տիմոթէոսը, որ սիրելի զաւակս է, ու հաւատարիմ է Տէրոջմով. ան պիտի վերյիշեցնէ ձեզի իմ ճամբաներս՝ որ Քրիստոսի մէջ են, ինչպէս ամէնուրեք բոլոր եկեղեցիներուն մէջ կը սորվեցնեմ:
১৭এই অভিপ্রায়েৰে মই তীমথিয়ক আপোনালোকৰ ওচৰলৈ পঠিয়াইছোঁ। তেওঁ প্ৰভুত মোৰ প্রিয় আৰু বিশ্বাসী পুত্ৰ; তেওঁ আপোনালোকক খ্রীষ্ট সম্বন্ধীয় মোৰ পন্থাবোৰ সোঁৱৰাই দিব, যিবোৰ শিক্ষা মই সকলো ঠাইতে সকলো মণ্ডলীতে দি থাকোঁ।
18 Ոմանք հպարտացան, որպէս թէ ես պիտի չգամ ձեզի:
১৮মই আপোনালোকৰ ওচৰলৈ নাই যোৱা বাবে কোনো কোনো অহংকাৰী হৈ উঠিছে।
19 Բայց շուտով պիտի գամ ձեզի, եթէ Տէրը կամենայ, եւ պիտի հասկնամ ո՛չ թէ հպարտացողներուն խօսքերը, հապա զօրութիւնը:
১৯কিন্তু প্ৰভুৰ ইচ্ছা হ’লে, মই আপোনালোকৰ ওচৰলৈ সোনকালে যাম; তেতিয়া যি সকল অহংকাৰী হৈ উঠিছে, তেওঁলোকৰ কথা নহয়, কিন্তু পৰাক্ৰম জানিম।
20 Որովհետեւ Աստուծոյ թագաւորութիւնը ո՛չ թէ խօսքով է, հապա զօրութեամբ:
২০কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত নহয়, পৰাক্ৰমতহে হয়।
21 Ի՞նչպէս կ՚ուզէք. գաւազանո՞վ գամ ձեզի, թէ սիրով եւ հեզութեան հոգիով:
২১আপোনালোকৰ কি ইচ্ছা? মই লাঠি লৈ আপোনালোকৰ ওচৰলৈ যামনে? নে প্ৰেমেৰে আৰু মৃদুতাৰ আত্মাৰে যাম?

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 4 >