< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 16 >

1 Ինչ կը վերաբերի սուրբերուն համար ըլլալիք հանգանակութեան, ինչպէս պատուիրեցի Գաղատացիներու եկեղեցիներուն, դո՛ւք ալ այնպէս ըրէք:
পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব।
2 Ամէն Մէկշաբթի՝ ձեզմէ իւրաքանչիւրը թող մէկդի դնէ իր քով ինչ որ յաջողած է խնայել,
সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷
3 որպէսզի հանգանակութիւններ չըլլան երբ ես գամ: Ու երբ գամ, անոնք որ զատորոշէք՝ զիրենք պիտի ղրկեմ նամակներով՝՝, որպէսզի Երուսաղէմ տանին ձեր պարգեւները:
এই কাৰণে মই যেতিয়া উপস্থিত হ’ম, তেতিয়া আপোনালোকে যি সকলক যোগ্য বুলি বিবেচনা কৰে তেওঁলোকৰ হাতত সেই দান যিৰূচালেমলৈ দি পঠাব৷ আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণ স্বৰূপে লৈ যাব৷
4 Եթէ իմ երթալս ալ արժանավայել ըլլայ, անոնք պիտի երթան ինծի հետ:
যদি আমি যোৱাতো উচিত হয়, তেনেহলে তেওঁলোক অামাৰ লগতে যাব।
5 Ուրեմն ես պիտի գամ ձեզի՝ երբ անցնիմ Մակեդոնիայէն. (քանի որ պիտի անցնիմ Մակեդոնիայէն.)
কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ - যাত্ৰা কৰিম, তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম।
6 եւ թերեւս մնամ ձեր քով ու ձմերեմ ալ ձեզի հետ. որպէսզի դո՛ւք ուղարկէք զիս՝ ո՛ւր որ երթամ:
আপোনালোকৰ লগত কিজানি কিছুদিন থাকিম, হয়তো জাৰ-কালো আপোনালোকৰ লগত কটাম; পাছত মই যাবলগীয়া ঠাইলৈ যাবৰ বাবে আপোনালোকেই মোক যোৱাৰ ব্যবস্থা কৰি দিব পাৰিব৷
7 Որովհետեւ չեմ ուզեր տեսնել ձեզ հիմա՝ անցած ատենս, բայց կը յուսամ որ ժամանակ մը մնամ ձեր քով, եթէ Տէրը արտօնէ:
এতিয়া মই যাত্ৰা পথত আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচৰা নাই; কাৰণ প্ৰভুৰ ইচ্ছা হ’লে, আপোনালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰি আছোঁ।
8 Սակայն Եփեսոս պիտի մնամ մինչեւ Պենտեկոստէ.
তথাপি পঞ্চাশ-দিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম;
9 որովհետեւ մեծ եւ արդիւնաւոր դուռ մը բացուած է ինծի, ու բազմաթիւ հակառակորդներ կան:
কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে; আৰু তাত বিৰোধী বহুত আছে।
10 Ուրեմն եթէ Տիմոթէոս գայ, ուշադի՛ր եղէք որ մնայ ձեր քով առանց վախի. քանի որ ան կ՚ընէ Տէրոջ գործը, ինչպէս ե՛ս ալ:
১০এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়ঞ্জান নকৰে৷
11 Ուստի ո՛չ մէկը թող անարգէ զայն. հապա խաղաղութեա՛մբ ուղարկեցէք զայն՝ որ ինծի գայ, որովհետեւ անոր կը սպասեմ եղբայրներուն հետ:
১১কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে, এই কাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়ায় থ’ব; কিয়নো তেওঁ ভাই সকলৰ সৈতে অহালৈ, মই বাট চাই আছোঁ।
12 Իսկ ինչ կը վերաբերի Ապողոս եղբօր, շատ աղաչեցի անոր՝ որ ձեզի գայ եղբայրներուն հետ, բայց բնաւ փափաք չունեցաւ որ հիմա գայ. սակայն պիտի գայ՝ երբ պատեհութիւն ունենայ:
১২এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলোঁ; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব।
13 Արթո՛ւն մնացէք, հաւատքի մէջ հաստատո՛ւն կեցէք, քա՛ջ եղէք, զօրացէ՛ք:
১৩আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, ডেকা সকলৰ দৰে শক্তিমন্ত হওক।
14 Ձեր բոլոր բաները սիրո՛վ ըլլան:
১৪আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক।
15 Կ՚աղաչե՛մ ձեզի, եղբայրնե՛ր, (դուք կը ճանչնաք Ստեփանասի ընտանիքը, որ Աքայիայի երախայրիքն է, եւ իրենք զիրենք նուիրեցին սուրբերուն սպասարկութեան, )
১৫হে ভাই সকল মই আপোনালোকক এই মিনতি কৰিছোঁ, স্তিফানাৰ পৰিয়াল, যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্ব-ইচ্ছাৰে ভাৰ ল’লে, সেই বিষয়ে আপোনালোকে জানে;
16 որ հպատակիք այդպիսիներուն եւ բոլորին՝ որ կը գործակցին մեզի ու կ՚աշխատին:
১৬আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত, সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হওক।
17 Ուրախ եմ Ստեփանասի, Փորտունատոսի եւ Աքայիկոսի գալուստին համար, որովհետեւ իրե՛նք լրացուցին ձեր պակասը,
১৭আমি সকলো আনন্দিত হৈছোঁ, কাৰণ স্তিফান, ফৰ্ত্তূনাত আৰু আখায়িক ইয়ালৈ অহাত আপোনালোক নথকাত মোৰ যি অভাৱ আছিল, সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে।
18 քանի որ հանգստացուցին իմ հոգիս ու ձերը. ուրեմն ճանչցէ՛ք այդպիսիները:
১৮কাৰণ তেওঁলোকে আপোনালোকৰ নিচিনাকৈ মোৰ আত্মা জুৰালে; এতেকে আপোনালোকে এনে লোকক চিনি পাবলৈ ভুল নকৰিব।
19 Ասիայի եկեղեցիները կը բարեւեն ձեզ. Տէրոջմով շատ կը բարեւեն ձեզ Ակիւղաս եւ Պրիսկիղա՝ իրենց տան մէջ եղող եկեղեցիին հետ:
১৯এচিয়া দেশৰ মণ্ডলী সমূহে আপোনালোকক শুভেচ্ছা জনাইছে৷ আক্কিলা, প্ৰিষ্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে আপোনালোকক প্ৰভুত শুভেচ্ছা জনাইছে৷
20 Բոլոր եղբայրները կը բարեւեն ձեզ. բարեւեցէ՛ք զիրար սուրբ համբոյրով:
২০সকলো ভাই, ভনী সকলে আপোনালোকক শুভেচ্ছা জনাইছে৷ আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব৷
21 Ես՝ Պօղոս, ի՛մ ձեռքովս կը գրեմ այս բարեւը:
২১মই, পৌলে, নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালোঁ৷
22 Եթէ մէկը չի սիրեր Տէր Յիսուս Քրիստոսը, նզովեա՛լ ըլլայ երբ մեր Տէրը գայ՝՝:
২২কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷
23 Տէր Յիսուս Քրիստոսի շնորհքը ձեզի հետ:
২৩প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
24 Իմ սէրս ձեր բոլորին հետ՝ Քրիստոս Յիսուսով: Ամէն:
২৪খ্ৰীষ্ট যীচুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক। আমেন।

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 16 >