< أَمْثَالٌ 10 >

أَمْثَالُ سُلَيْمَانَ: اَلِٱبْنُ ٱلْحَكِيمُ يَسُرُّ أَبَاهُ، وَٱلِٱبْنُ ٱلْجَاهِلُ حُزْنُ أُمِّهِ. ١ 1
চলোমনৰ নীতি বাক্য। জ্ঞানী পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানী পুত্ৰই নিজৰ মাতৃৰ মনত দুখ দিয়ে।
كُنُوزُ ٱلشَّرِّ لَا تَنْفَعُ، أَمَّا ٱلْبِرُّ فَيُنَجِّي مِنَ ٱلْمَوْتِ. ٢ 2
দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই; কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে।
اَلرَّبُّ لَا يُجِيعُ نَفْسَ ٱلصِّدِّيقِ، وَلَكِنَّهُ يَدْفَعُ هَوَى ٱلْأَشْرَارِ. ٣ 3
যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে; কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে।
اَلْعَامِلُ بِيَدٍ رَخْوَةٍ يَفْتَقِرُ، أَمَّا يَدُ ٱلْمُجْتَهِدِينَ فَتُغْنِي. ٤ 4
এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে।
مَنْ يَجْمَعُ فِي ٱلصَّيْفِ فَهُوَ ٱبْنٌ عَاقِلٌ، وَمَنْ يَنَامُ فِي ٱلْحَصَادِ فَهُوَ ٱبْنٌ مُخْزٍ. ٥ 5
গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়; কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকা জন লজ্জাজনক পুত্ৰ।
بَرَكَاتٌ عَلَى رَأْسِ ٱلصِّدِّيقِ، أَمَّا فَمُ ٱلْأَشْرَارِ فَيَغْشَاهُ ظُلْمٌ. ٦ 6
সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ আহে; কিন্তু দুষ্টবোৰৰ মুখ অত্যাচাৰেৰে পৰিপূৰ্ণ।
ذِكْرُ ٱلصِّدِّيقِ لِلْبَرَكَةِ، وَٱسْمُ ٱلْأَشْرَارِ يَنْخَرُ. ٧ 7
সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।
حَكِيمُ ٱلْقَلْبِ يَقْبَلُ ٱلْوَصَايَا، وَغَبِيُّ ٱلشَّفَتَيْنِ يُصْرَعُ. ٨ 8
যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে; কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়।
مَنْ يَسْلُكُ بِٱلِٱسْتِقَامَةِ يَسْلُكُ بِٱلْأَمَانِ، وَمَنْ يُعَوِّجُ طُرُقَهُ يُعَرَّفُ. ٩ 9
যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।
مَنْ يَغْمِزُ بِٱلْعَيْنِ يُسَبِّبُ حُزْنًا، وَٱلْغَبِيُّ ٱلشَّفَتَيْنِ يُصْرَعُ. ١٠ 10
১০চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে; কিন্তু কথকি মুৰ্খলোক পতিত হয়।
فَمُ ٱلصِّدِّيقِ يَنْبُوعُ حَيَاةٍ، وَفَمُ ٱلْأَشْرَارِ يَغْشَاهُ ظُلْمٌ. ١١ 11
১১সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ; কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে।
اَلْبُغْضَةُ تُهَيِّجُ خُصُومَاتٍ، وَٱلْمَحَبَّةُ تَسْتُرُ كُلَّ ٱلذُّنُوبِ. ١٢ 12
১২ঘৃণাই বিবাদ জন্মায়; কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে।
فِي شَفَتَيِ ٱلْعَاقِلِ تُوجَدُ حِكْمَةٌ، وَٱلْعَصَا لِظَهْرِ ٱلنَّاقِصِ ٱلْفَهْمِ. ١٣ 13
১৩সুবিবেচক লোকৰ ওঁঠত প্ৰজ্ঞা পোৱা যায়; কিন্তু পিঠিত চেকনী জ্ঞানশূন্য লোকৰ বাবে হয়।
اَلْحُكَمَاءُ يَذْخَرُونَ مَعْرِفَةً، أَمَّا فَمُ ٱلْغَبِيِّ فَهَلَاكٌ قَرِيبٌ. ١٤ 14
১৪জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে; কিন্তু অজ্ঞানৰ মুখে ধ্বংস আনে।
ثَرْوَةُ ٱلْغَنِيِّ مَدِينَتُهُ ٱلْحَصِينَةُ. هَلَاكُ ٱلْمَسَاكِينِ فَقْرُهُمْ. ١٥ 15
১৫ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ; কিন্তু দৰিদ্ৰলোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ।
عَمَلُ ٱلصِّدِّيقِ لِلْحَيَاةِ. رِبْحُ ٱلشِّرِّيرِ لِلْخَطِيَّةِ. ١٦ 16
১৬সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে; দুষ্ট লোকৰ উপাৰ্জনৰ লাভে পাপলৈ ঠেলি দিয়ে।
حَافِظُ ٱلتَّعْلِيمِ هُوَ فِي طَرِيقِ ٱلْحَيَاةِ، وَرَافِضُ ٱلتَّأْدِيبِ ضَالٌّ. ١٧ 17
১৭যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে; কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়।
مَنْ يُخْفِي ٱلْبُغْضَةَ فَشَفَتَاهُ كَاذِبَتَانِ، وَمُشِيعُ ٱلْمَذَمَّةِ هُوَ جَاهِلٌ. ١٨ 18
১৮যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক, আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়।
كَثْرَةُ ٱلْكَلَامِ لَا تَخْلُو مِنْ مَعْصِيَةٍ، أَمَّا ٱلضَّابِطُ شَفَتَيْهِ فَعَاقِلٌ. ١٩ 19
১৯অধিক কথাত অপৰাধৰ অভাৱ নাই; কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী।
لِسَانُ ٱلصِّدِّيقِ فِضَّةٌ مُخْتَارَةٌ. قَلْبُ ٱلْأَشْرَارِ كَشَيْءٍ زَهِيدٍ. ٢٠ 20
২০যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে; দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে।
شَفَتَا ٱلصِّدِّيقِ تَهْدِيَانِ كَثِيرِينَ، أَمَّا ٱلْأَغْبِيَاءُ فَيَمُوتُونَ مِنْ نَقْصِ ٱلْفَهْمِ. ٢١ 21
২১সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়।
بَرَكَةُ ٱلرَّبِّ هِيَ تُغْنِي، وَلَا يَزِيدُ مَعَهَا تَعَبًا. ٢٢ 22
২২যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।
فِعْلُ ٱلرَّذِيلَةِ عِنْدَ ٱلْجَاهِلِ كَٱلضِّحْكِ، أَمَّا ٱلْحِكْمَةُ فَلِذِي فَهْمٍ. ٢٣ 23
২৩দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ, কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক।
خَوْفُ ٱلشِّرِّيرِ هُوَ يَأْتِيهِ، وَشَهْوَةُ ٱلصِّدِّيقِينَ تُمْنَحُ. ٢٤ 24
২৪দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে; কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়।
كَعُبُورِ ٱلزَّوْبَعَةِ فَلَا يَكُونُ ٱلشِّرِّيرُ، أَمَّا ٱلصِّدِّيقُ فَأَسَاسٌ مُؤَبَّدٌ. ٢٥ 25
২৫দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়, কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ।
كَٱلْخَلِّ لِلْأَسْنَانِ، وَكَالدُّخَانِ لِلْعَيْنَيْنِ، كَذَلِكَ ٱلْكَسْلَانُ لِلَّذِينَ أَرْسَلُوهُ. ٢٦ 26
২৬দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা।
مَخَافَةُ ٱلرَّبِّ تَزِيدُ ٱلْأَيَّامَ، أَمَّا سِنُو ٱلْأَشْرَارِ فَتُقْصَرُ. ٢٧ 27
২৭যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব।
مُنْتَظَرُ ٱلصِّدِّيقِينَ مُفَرِّحٌ، أَمَّا رَجَاءُ ٱلْأَشْرَارِ فَيَبِيدُ. ٢٨ 28
২৮সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব।
حِصْنٌ لِلِٱسْتِقَامَةِ طَرِيقُ ٱلرَّبِّ، وَٱلْهَلَاكُ لِفَاعِلِي ٱلْإِثْمِ. ٢٩ 29
২৯যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
اَلصِّدِّيقُ لَنْ يُزَحْزَحَ أَبَدًا، وَٱلْأَشْرَارُ لَنْ يَسْكُنُوا ٱلْأَرْضَ. ٣٠ 30
৩০যিসকলে সৎ কাৰ্য কৰে, তেওঁলোক কেতিয়াও লৰচৰ নহব; কিন্তু দুষ্টলোক দেশত অৱশিষ্ট নাথাকিব।
فَمُ ٱلصِّدِّيقِ يُنْبِتُ ٱلْحِكْمَةَ، أَمَّا لِسَانُ ٱلْأَكَاذِيبِ فَيُقْطَعُ. ٣١ 31
৩১যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকৰ মুখৰ পৰা প্রজ্ঞা ওলায়; কিন্তু উচ্ছৃঙ্খল জিভা কাটি পেলোৱা হ’ব।
شَفَتَا ٱلصِّدِّيقِ تَعْرِفَانِ ٱلْمَرْضِيَّ، وَفَمُ ٱلْأَشْرَارِ أَكَاذِيبُ. ٣٢ 32
৩২যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে; কিন্তু দুষ্টলোকৰ মুখে উচ্ছৃঙ্খলতা কি সেই বিষয়ে জানে।

< أَمْثَالٌ 10 >