< نَحَمْيَا 9 >

وَفِي ٱلْيَوْمِ ٱلرَّابِعِ وَٱلْعِشْرِينَ مِنْ هَذَا ٱلشَّهْرِ ٱجْتَمَعَ بَنُو إِسْرَائِيلَ بِٱلصَّوْمِ، وَعَلَيْهِمْ مُسُوحٌ وَتُرَابٌ. ١ 1
তাৰ পাছত সেই মাহৰ চৌবিশ দিনৰ দিনা ইস্ৰায়েলৰ সন্তান সকল সমবেত হৈ লঘোন দি, চট কাপোৰ পিন্ধিলে, আৰু তেওঁলোকে নিজৰ মুৰত ধুলি লগালে।
وَٱنْفَصَلَ نَسْلُ إِسْرَائِيلَ مِنْ جَمِيعِ بَنِي ٱلْغُرَبَاءِ، وَوَقَفُوا وَٱعْتَرَفُوا بِخَطَايَاهُمْ وَذُنُوبِ آبَائِهِمْ. ٢ 2
ইস্ৰায়েলৰ-বংশধৰ সকলে বিদেশী সকলৰ পৰা নিজক পৃথক কৰিলে। তেওঁলোকে থিয় হৈ নিজৰ নিজৰ পাপ, আৰু তেওঁলোকৰ পুৰ্ব-পুৰুষ সকলৰ অপৰাধ স্বীকাৰ কৰিলে।
وَأَقَامُوا فِي مَكَانِهِمْ وَقَرَأُوا فِي سِفْرِ شَرِيعَةِ ٱلرَّبِّ إِلَهِهِمْ رُبْعَ ٱلنَّهَارِ، وَفِي ٱلرُّبْعِ ٱلْآخَرِ كَانُوا يَحْمَدُونَ وَيَسْجُدُونَ لِلرَّبِّ إِلَهِهِمْ. ٣ 3
তেওঁলোকে নিজৰ ঠাইত থিয় হ’ল, আৰু দিনৰ চাৰিভাগৰ এভাগ সময় তেওঁলোকে ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা পুস্তক খন পাঠ কৰিলে, আৰু দিনৰ চাৰিভাগৰ আন এভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰণিপাত কৰি পাপ স্বীকাৰ কৰিলে।
وَوَقَفَ عَلَى دَرَجِ ٱللَّاَوِيِّينَ: يَشُوعُ وَبَانِي وَقَدْمِيئِيلُ وَشَبَنْيَا وَبُنِّي وَشَرَبْيَا وَبَانِي وَكَنَانِي، وَصَرَخُوا بِصَوْتٍ عَظِيمٍ إِلَى ٱلرَّبِّ إِلَهِهِمْ. ٤ 4
লেবীয়া, যেচুৱা, বানী, কদ্মীয়েল, চবনিয়া, বুন্নী, চেৰেবিয়া, বাণী, আৰু কনানী সকলে খটখটিত থিয় হৈ, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আগত উচ্চস্বৰে স্তুতিগীত কৰিলে।
وَقَالَ ٱللَّاوِيُّونَ: يَشُوعُ وَقَدْمِيئِيلُ وَبَانِي وَحَشَبْنِيَا وَشَرَبْيَا وَهُودِيَّا وَشَبَنْيَا وَفَتَحْيَا: «قُومُوا بَارِكُوا ٱلرَّبَّ إِلَهَكُمْ مِنَ ٱلْأَزَلِ إِلَى ٱلْأَبَدِ، وَلْيَتَبَارَكِ ٱسْمُ جَلَالِكَ ٱلْمُتَعَالِي عَلَى كُلِّ بَرَكَةٍ وَتَسْبِيحٍ. ٥ 5
তাৰ পাছত লেবীয়া সকলৰ, যেচুৱা, কদ্মীয়েল, বানী, হচবনিয়া, চেৰেবিয়া, হোদিয়া, চবনিয়া আৰু পথহিয়াই ক’লে, আপোনালোক উঠক; আৰু অনাদি কালৰ পৰা অনন্ত কাললৈকে থকা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰক। আপোনাৰ গৌৰৱান্বিত নাম আশীৰ্ব্বাদযুক্ত হওক; আৰু সকলো আশীর্বাদ আৰু প্রশংসাতকৈ মৰ্য্যদাপূৰ্ণ হওক।
أَنْتَ هُوَ ٱلرَّبُّ وَحْدَكَ. أَنْتَ صَنَعْتَ ٱلسَّمَاوَاتِ وَسَمَاءَ ٱلسَّمَاوَاتِ وَكُلَّ جُنْدِهَا، وَٱلْأَرْضَ وَكُلَّ مَا عَلَيْهَا، وَٱلْبِحَارَ وَكُلَّ مَا فِيهَا، وَأَنْتَ تُحْيِيهَا كُلَّهَا. وَجُنْدُ ٱلسَّمَاءِ لَكَ يَسْجُدُ. ٦ 6
আপুনি এক মাত্র ঈশ্বৰ যিহোৱা, আপুনি স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাত যুদ্ধৰ বাবে সজ্জিত দূতবোৰৰ সৈতে, পৃথিৱী আৰু তাত থকা সকলোকে আৰু সমুদ্ৰ আৰু তাত থকা সকলোকে স্ৰজন কৰিলে। আপুনি তেওঁলোকক জীৱন দান কৰিলে, আৰু স্বর্গৰ দূতৰ বাহিনীয়ে আপোনাৰ উপাসনা কৰে।
أَنْتَ هُوَ ٱلرَّبُّ ٱلْإِلَهُ ٱلَّذِي ٱخْتَرْتَ أَبْرَامَ وَأَخْرَجْتَهُ مِنْ أُورِ ٱلْكَلْدَانِيِّينَ وَجَعَلْتَ ٱسْمَهُ إِبْرَاهِيمَ. ٧ 7
আপুনি সেই ঈশ্ৱৰ যিহোৱা, যি জনে অব্ৰামক মনোনীত কৰি কলদীয়া সকলৰ দেশ উৰৰ পৰা উলিয়াই আনি তেওঁৰ নাম অব্ৰাহাম ৰাখিছিল।
وَوَجَدْتَ قَلْبَهُ أَمِينًا أَمَامَكَ، وَقَطَعْتَ مَعَهُ ٱلْعَهْدَ أَنْ تُعْطِيَهُ أَرْضَ ٱلْكَنْعَانِيِّينَ وَٱلْحِثِّيِّينَ وَٱلْأَمُورِيِّينَ وَٱلْفَرِزِّيِّينَ وَٱلْيَبُوسِيِّينَ وَٱلْجِرْجَاشِيِّينَ وَتُعْطِيَهَا لِنَسْلِهِ. وَقَدْ أَنْجَزْتَ وَعْدَكَ لِأَنَّكَ صَادِقٌ. ٨ 8
আপোনাৰ সাক্ষাতে তেওঁৰ মন বিশ্বাস যোগ্য পাই, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, যিবুচীয়া, আৰু গিৰ্গাচীয়া, এই কনানীয়া লোকসকলৰ দেশ তেওঁৰ বংশক দিবলৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে। আপুনি নিজৰ প্রতিজ্ঞা স্থিৰ কৰিলে কাৰণ আপুনি ধৰ্মপৰায়ণ ঈশ্ৱৰ।
وَرَأَيْتَ ذُلَّ آبَائِنَا فِي مِصْرَ، وَسَمِعْتَ صُرَاخَهُمْ عِنْدَ بَحْرِ سُوفٍ، ٩ 9
আপুনি মিচৰত থকা আমাৰ ওপৰ-পিতৃসকলৰ দুখলৈ দৃষ্টি কৰিছিল, আৰু চূফ সাগৰৰ কাষত তেওঁলোকৰ কাতৰোক্তি শুনিছিল।
وَأَظْهَرْتَ آيَاتٍ وَعَجَائِبَ عَلَى فَرْعَوْنَ وَعَلَى جَمِيعِ عَبِيدِهِ وَعَلَى كُلِّ شَعْبِ أَرْضِهِ، لِأَنَّكَ عَلِمْتَ أَنَّهُمْ بَغَوْا عَلَيْهِمْ، وَعَمِلْتَ لِنَفْسِكَ ٱسْمًا كَهَذَا ٱلْيَوْمِ. ١٠ 10
১০আপুনি ফৰৌণক, তেওঁৰ সকলো দাসক, আৰু তেওঁৰ দেশৰ সকলো প্ৰজাবোৰক চিন আৰু অদ্ভুত লক্ষণ দেখুৱাইছিল; কাৰণ মিচৰীয়াসকলে তেওঁলোকৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰা কথা আপুনি জানিছিল। কিন্তু আপুনি নিজৰ নাম স্থাপন কৰিলে, যি আজিও একেদৰে আছে।
وَفَلَقْتَ ٱلْيَمَّ أَمَامَهُمْ، وَعَبَرُوا فِي وَسَطِ ٱلْبَحْرِ عَلَى ٱلْيَابِسَةِ، وَطَرَحْتَ مُطَارِدِيهِمْ فِي ٱلْأَعْمَاقِ كَحَجَرٍ فِي مِيَاهٍ قَوِيَّةٍ. ١١ 11
১১আপুনি তেওঁলোকৰ আগত সমুদ্ৰক দুভাগ কৰিছিল, সেয়ে তেওঁলোক যেন সমুদ্ৰৰ মাজেদি শুকান বাটেৰে যাব পাৰে; কিন্তু তেওঁলোকৰ পাছত খেদি অহাবোৰক হ’লে, গভীৰ জলত শিল পেলোৱাৰ দৰে পেলালে।
وَهَدَيْتَهُمْ بِعَمُودِ سَحَابٍ نَهَارًا، وَبِعَمُودِ نَارٍ لَيْلًا لِتَضِيءَ لَهُمْ فِي ٱلطَّرِيقِ ٱلَّتِي يَسِيرُونَ فِيهَا. ١٢ 12
১২আপুনি ৰাতি অগ্নি স্তম্ভৰ দ্ৱাৰাই তেওঁলোকৰ পথ পোহৰ কৰি আৰু দিনত মেঘ স্তম্ভৰ দ্ৱাৰাই ছাঁ দি তেওঁলোকক আগুৱাই নিলে।
وَنَزَلْتَ عَلَى جَبَلِ سِينَاءَ، وَكَلَّمْتَهُمْ مِنَ ٱلسَّمَاءِ، وَأَعْطَيْتَهُمْ أَحْكَامًا مُسْتَقِيمَةً وَشَرَائِعَ صَادِقَةً، فَرَائِضَ وَوَصَايَا صَالِحَةً. ١٣ 13
১৩আপুনি চীনয় পৰ্ব্বতলৈ নামি আহিছিল আৰু তেওঁলোকৰ সৈতে স্ৱৰ্গৰ পৰাও কথা পাতিছিল। তেওঁলোকক নৈতিকতাপূৰ্ণ শাসন প্ৰণালী, সত্য ন্যায় ব্যৱস্থা, উত্তম বিধি আৰু আজ্ঞাবোৰ দিছিল।
وَعَرَّفْتَهُمْ سَبْتَكَ ٱلْمُقَدَّسَ، وَأَمَرْتَهُمْ بِوَصَايَا وَفَرَائِضَ وَشَرَائِعَ عَنْ يَدِ مُوسَى عَبْدِكَ. ١٤ 14
১৪আপোনাৰ পবিত্ৰ বিশ্ৰাম-বাৰ তেওঁলোকক জনালে, আৰু আপোনাৰ দাস মোচিৰ দ্বাৰাই তেওঁলোকক আজ্ঞা, বিধি, আৰু নিয়ম প্রণালীবোৰ দিলে।
وَأَعْطَيْتَهُمْ خُبْزًا مِنَ ٱلسَّمَاءِ لِجُوعِهِمْ، وَأَخْرَجْتَ لَهُمْ مَاءً مِنَ ٱلصَّخْرَةِ لِعَطَشِهِمْ، وَقُلْتَ لَهُمْ أَنْ يَدْخُلُوا وَيَرِثُوا ٱلْأَرْضَ ٱلَّتِي رَفَعْتَ يَدَكَ أَنْ تُعْطِيَهُمْ إِيَّاهَا. ١٥ 15
১৫তেওঁলোকৰ ভোক লগা সময়ত আকাশৰ পৰা আহাৰ দিলে, আৰু পিয়াহ গুচাবলৈ শিলৰ পৰা পানী উলিয়ালে। আপুনি যি দেশ দিবলৈ তেওঁলোকক প্রতিজ্ঞা কৰিছিল, সেই দেশলৈ যাবলৈ তেওঁলোকক আজ্ঞা দিলে।
«وَلَكِنَّهُمْ بَغَوْا هُمْ وَآبَاؤُنَا، وَصَلَّبُوا رِقَابَهُمْ وَلَمْ يَسْمَعُوا لِوَصَايَاكَ، ١٦ 16
১৬কিন্তু তেওঁলোক আৰু আমাৰ পূৰ্ব-পুৰুষ সকলে অসন্মান জনক কার্য কৰিলে। তেওঁলোক আঁকোৰগোঁজ আছিল, আৰু আপোনাৰ আজ্ঞাবোৰ শুনা নাছিল।
وَأَبَوْا ٱلِٱسْتِمَاعَ، وَلَمْ يَذْكُرُوا عَجَائِبَكَ ٱلَّتِي صَنَعْتَ مَعَهُمْ، وَصَلَّبُوا رِقَابَهُمْ. وَعِنْدَ تَمَرُّدِهِمْ أَقَامُوا رَئِيسًا لِيَرْجِعُوا إِلَى عُبُودِيَّتِهِمْ. وَأَنْتَ إِلَهٌ غَفُورٌ وَحَنَّانٌ وَرَحِيمٌ، طَوِيلُ ٱلرُّوحِ وَكَثِيرُ ٱلرَّحْمَةِ، فَلَمْ تَتْرُكْهُمْ. ١٧ 17
১৭তেওঁলোকে শুনিবলৈ মান্তি নহল, আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোক আঁকোৰগোঁজ হৈছিল, আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাৱান ঈশ্বৰ, কৃপাময়, আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান, সেয়ে আপুনি তেওঁলোকক ত্যাগ নকৰিলে।
مَعَ أَنَّهُمْ عَمِلُوا لِأَنْفُسِهِمْ عِجْلًا مَسْبُوكًا وَقَالُوا: هَذَا إِلَهُكَ ٱلَّذِي أَخْرَجَكَ مِنْ مِصْرَ، وَعَمِلُوا إِهَانَةً عَظِيمَةً. ١٨ 18
১৮তেওঁলোকে যেতিয়া ঈশ্বৰক নিন্দা কৰি সাঁচত ঢালি এটা দামুৰি নিৰ্ম্মাণ কৰি কৈছিল, “মিচৰৰ পৰা আপোনালোকক উলিয়াই অনা ঈশ্বৰ এৱেঁই” তথাপিও আপুনি তেওঁলোকক ত্যাগ কৰ নাছিল।
أَنْتَ بِرَحْمَتِكَ ٱلْكَثِيرَةِ لَمْ تَتْرُكْهُمْ فِي ٱلْبَرِّيَّةِ، وَلَمْ يَزُلْ عَنْهُمْ عَمُودُ ٱلسَّحَابِ نَهَارًا لِهِدَايَتِهِمْ فِي ٱلطَّرِيقِ، وَلَا عَمُودُ ٱلنَّارِ لَيْلًا لِيُضِيءَ لَهُمْ فِي ٱلطَّرِيقِ ٱلَّتِي يَسِيرُونَ فِيهَا. ١٩ 19
১৯আপোনাৰ দয়াৰ গুণে তেওঁলোকক আপুনি মৰুভূমিত ত্যাগ কৰা নাছিল। তেওঁলোকক বাটত লৈ যাবলৈ দিনত মেঘ স্তম্ভ আৰু ৰাতি পোহৰ দিবলৈ অগ্নি স্তম্ভ তেওঁলোকৰ পৰা দূৰ কৰা নাছিল।
وَأَعْطَيْتَهُمْ رُوحَكَ ٱلصَّالِحَ لِتَعْلِيمِهِمْ، وَلَمْ تَمْنَعْ مَنَّكَ عَنْ أَفْوَاهِهِمْ، وَأَعْطَيْتَهُمْ مَاءً لِعَطَشِهِمْ. ٢٠ 20
২০আপুনি তেওঁলোকক শিক্ষা দিবৰ কাৰণে আপোনাৰ মঙ্গলময় আত্মা তেওঁলোকক দান কৰিলে, আৰু তেওঁলোকৰ মুখৰ পৰা আপোনাৰ মান্না প্রত্যাহাৰ নকৰিলে, আৰু তেওঁলোকৰ পিয়াহ গুচাবলৈ তেওঁলোকক পানী দিলে।
وَعُلْتَهُمْ أَرْبَعِينَ سَنَةً فِي ٱلْبَرِّيَّةِ فَلَمْ يَحْتَاجُوا. لَمْ تَبْلَ ثِيَابُهُمْ، وَلَمْ تَتَوَرَّمْ أَرْجُلُهُمْ. ٢١ 21
২১আপুনি চল্লিশ বছৰলৈকে মৰুভূমিত তেওঁলোকক প্ৰতিপালন কৰি আছিলে। তেওঁলোকৰ একো বস্তুৰে অভাৱ হোৱা নাছিল। তেওঁলোকৰ কাপোৰ ফটা নাছিল আৰু তেওঁলোকৰ ভৰিও ফুলা নাছিল।
وَأَعْطَيْتَهُمْ مَمَالِكَ وَشُعُوبًا، وَفَرَّقْتَهُمْ إِلَى جِهَاتٍ، فَٱمْتَلَكُوا أَرْضَ سِيحُونَ، وَأَرْضَ مَلِكِ حَشْبُونَ، وَأَرْضَ عُوجٍ مَلِكِ بَاشَانَ. ٢٢ 22
২২আপুনি তেওঁলোকক ৰাজ্য সমূহ আৰু লোকসকল দিলে আৰু তেওঁলোকক চাৰিও দিশে ভূমি প্রদান কৰিলে। সেয়ে তেওঁলোকে ৰজা হিচবোনৰ চীহোন দেশ, আৰু ৰজা বাচানৰ ওগ দেশ অধিকাৰ কৰিলে।
وَأَكْثَرْتَ بَنِيهِمْ كَنُجُومِ ٱلسَّمَاءِ، وَأَتَيْتَ بِهِمْ إِلَى ٱلْأَرْضِ ٱلَّتِي قُلْتَ لِآبَائِهِمْ أَنْ يَدْخُلُوا وَيَرِثُوهَا. ٢٣ 23
২৩আপুনি তেওঁলোকৰ সন্তানক আকাশ-মণ্ডলৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে, আৰু তেওঁলোকক আপুনি তেওঁলোকৰ দেশলৈ আনিলে। আপুনি তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলক ক’লে, “তালৈ যোৱা আৰু অধিকাৰ কৰা।”
فَدَخَلَ ٱلْبَنُونَ وَوَرِثُوا ٱلْأَرْضَ، وَأَخْضَعْتَ لَهُمْ سُكَّانَ أَرْضِ ٱلْكَنْعَانِيِّينَ، وَدَفَعْتَهُمْ لِيَدِهِمْ مَعَ مُلُوكِهِمْ وَشُعُوبِ ٱلْأَرْضِ لِيَعْمَلُوا بِهِمْ حَسَبَ إِرَادَتِهِمْ. ٢٤ 24
২৪সেয়ে লোকসকলে তালৈ গৈ দেশ অধিকাৰ কৰিলে, আৰু আপুনি সেই দেশ নিবাসী কনানীয়া সকলক তেওঁলোকৰ বশীভূত কৰিলে। তেওঁলোকে ভাল পোৱাৰ দৰে ইস্রায়েলী সকলে যাতে কৰে, সেয়ে তেওঁলোকৰ দেশৰ ৰজাৰ সৈতে লোক সকলকো আপুনি তেওঁলোকৰ হাতত শোধাই দিলে।
وَأَخَذُوا مُدُنًا حَصِينَةً وَأَرْضًا سَمِينَةً، وَوَرِثُوا بُيُوتًا مَلآنَةً كُلَّ خَيْرٍ، وَآبَارًا مَحْفُورَةً وَكُرُومًا وَزَيْتُونًا وَأَشْجَارًا مُثْمِرَةً بِكَثْرَةٍ، فَأَكَلُوا وَشَبِعُوا وَسَمِنُوا وَتَلَذَّذُوا بِخَيْرِكَ ٱلْعَظِيمِ. ٢٥ 25
২৫তেওঁলোকে গড়েৰে আবৃত নগৰবোৰ আৰু এখন উৰ্বৰা দেশ অধিকাৰ কৰিলে। তেওঁলোকে সকলো উত্তম বস্তুৰে ভৰি থকা ঘৰ সমূহ, ইতিমধ্যে খান্দি থোৱা নাদ, দ্ৰাক্ষাবাৰী, জিত বাৰী, আৰু ফল ধৰা বহুত গছ অধিকাৰ কৰিলে। সেয়ে তেওঁলোকে সেইবোৰ খাই তৃপ্ত হ’ল, আৰু আপোনাৰ মহান দয়াত তেওঁলোকে আনন্দ কৰিলে।
وَعَصَوْا وَتَمَرَّدُوا عَلَيْكَ، وَطَرَحُوا شَرِيعَتَكَ وَرَاءَ ظُهُورِهِمْ، وَقَتَلُوا أَنْبِيَاءَكَ ٱلَّذِينَ أَشْهَدُوا عَلَيْهِمْ لِيَرُدُّوهُمْ إِلَيْكَ، وَعَمِلُوا إِهَانَةً عَظِيمَةً. ٢٦ 26
২৬তাৰ পাছত তেওঁলোক অবাধ্য হ’ল আৰু আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে। তেওঁলোকে আপোনাৰ বিধান অৱহেলা কৰিলে। যি ভাববাদী সকলে তেওঁলোকক আপোনালৈ ঘূৰি আহিবলৈ সাৱধান কৰিছিল, তেওঁলোকক তেওঁলোকে বধ কৰিলে, আৰু নিন্দা কৰিলে।
فَدَفَعْتَهُمْ لِيَدِ مُضَايِقِيهِمْ فَضَايَقُوهُمْ. وَفِي وَقْتِ ضِيقِهِمْ صَرَخُوا إِلَيْكَ، وَأَنْتَ مِنَ ٱلسَّمَاءِ سَمِعْتَ، وَحَسَبَ مَرَاحِمِكَ ٱلْكَثِيرَةِ أَعْطَيْتَهُمْ مُخَلِّصِينَ خَلَّصُوهُمْ مِنْ يَدِ مُضَايِقِيهِمْ. ٢٧ 27
২৭যি সকলে তেওঁলোকক দুখ দিছিল সেই শত্রুবোৰৰ হাতত আপুনি তেওঁলোকক শোধাই দিলে। তেওঁলোকৰ দুখৰ সময়ত তেওঁলোকে আপোনাৰ আগত কাতৰোক্তি কৰিলে। আপোনাৰ মহান অনুগ্রহৰ কাৰণে স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকৰ শত্রুৰ হাতৰ পৰা বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
وَلَكِنْ لَمَّا ٱسْتَرَاحُوا رَجَعُوا إِلَى عَمَلِ ٱلشَّرِّ قُدَّامَكَ، فَتَرَكْتَهُمْ بِيَدِ أَعْدَائِهِمْ، فَتَسَلَّطُوا عَلَيْهِمْ ثُمَّ رَجَعُوا وَصَرَخُوا إِلَيْكَ، وَأَنْتَ مِنَ ٱلسَّمَاءِ سَمِعْتَ وَأَنْقَذْتَهُمْ حَسَبَ مَرَاحِمِكَ ٱلْكَثِيرَةِ أَحْيَانًا كَثِيرَةً. ٢٨ 28
২৮কিন্তু তেওঁলোকে কিছুদিন স্থিৰে থকাৰ পাছত, পুনৰ তেওঁলোকে আপোনাৰ সাক্ষাতে কু-আচৰণ কৰিলে। সেয়ে আপুনি তেওঁলোকক তেওঁলোকৰ শত্রুবোৰৰ হাতত শোধাই দিলে, আৰু শত্রুবোৰে তেওঁলোকৰ ওপৰত শাসন কৰিলে। তথাপি তেওঁলোকে যেতিয়া ঘূৰি আহি আপোনাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি আপোনাৰ কৃপাৰ গুণে বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
وَأَشْهَدْتَ عَلَيْهِمْ لِتَرُدَّهُمْ إِلَى شَرِيعَتِكَ، وَأَمَّا هُمْ فَبَغَوْا وَلَمْ يَسْمَعُوا لِوَصَايَاكَ وَأَخْطَأُوا ضِدَّ أَحْكَامِكَ، ٱلَّتِي إِذَا عَمِلَهَا إِنْسَانٌ يَحْيَا بِهَا. وَأَعْطَوْا كَتِفًا مُعَانِدَةً، وَصَلَّبُوا رِقَابَهُمْ وَلَمْ يَسْمَعُوا. ٢٩ 29
২৯আপোনাৰ বিধানলৈ যাতে তেওঁলোক ঘূৰি আহে তাৰ বাবে আপুনি তেওঁলোকক সাৱধান কৰিলে। তথাপি তেওঁলোকে গৰ্ব্ব আচৰণ কৰি আপোনাৰ আজ্ঞাবোৰ নুশুনিলে। যি সকলে আপোনাৰ বিধান পালন কৰে, তেওঁলোকে জীৱন লাভ কৰে; কিন্তু তেওঁলোকে সেই বিধানৰ বিৰুদ্ধে পাপ কৰিলে। তেওঁলোকে বিধানবোৰ পালন নকৰিলে, তালৈ মনোযোগো নিদিলে, আনকি তেওঁলোকে সেইবোৰ নিশুনিলেও।
فَٱحْتَمَلْتَهُمْ سِنِينَ كَثِيرَةً، وَأَشْهَدْتَ عَلَيْهِمْ بِرُوحِكَ عَنْ يَدِ أَنْبِيَائِكَ فَلَمْ يُصْغُوا، فَدَفَعْتَهُمْ لِيَدِ شُعُوبِ ٱلْأَرَاضِي. ٣٠ 30
৩০আপুনি অনেক বছৰ তেওঁলোকৰ লগত থাকি তেওঁলোকক সহন কৰিলে, আৰু ভাববাদীৰ দ্ৱাৰাই আপোনাৰ আত্মাৰে তেওঁলোকক সাৱধান কৰিলে, কিন্তু তেওঁলোকে নুশুনিলে। সেয়ে তেওঁলোকক চুবুৰীয়া দেশৰ লোকৰ হাতত শোধাই দিলে।
وَلَكِنْ لِأَجْلِ مَرَاحِمِكَ ٱلْكَثِيرَةِ لَمْ تُفْنِهِمْ وَلَمْ تَتْرُكْهُمْ، لِأَنَّكَ إِلَهٌ حَنَّانٌ وَرَحِيمٌ. ٣١ 31
৩১কিন্তু আপোনাৰ মহান অনুগ্রহৰ বাবে আপুনি তেওঁলোকক সম্পুৰ্ণভাৱে শেষ নকৰিলে আৰু ত্যাগো নকৰিল; কিয়নো আপুনি দয়ালু আৰু কৃপাময় ঈশ্বৰ।
«وَٱلْآنَ يَا إِلَهَنَا، ٱلْإِلَهَ ٱلْعَظِيمَ ٱلْجَبَّارَ ٱلْمَخُوفَ، حَافِظَ ٱلْعَهْدِ وَٱلرَّحْمَةِ، لَا تَصْغُرْ لَدَيْكَ كُلُّ ٱلْمَشَقَّاتِ ٱلَّتِي أَصَابَتْنَا نَحْنُ وَمُلُوكَنَا وَرُؤَسَاءَنَا وَكَهَنَتَنَا وَأَنْبِيَاءَنَا وَآبَاءَنَا وَكُلَّ شَعْبِكَ، مِنْ أَيَّامِ مُلُوكِ أَشُّورَ إِلَى هَذَا ٱلْيَوْمِ. ٣٢ 32
৩২সেয়ে এতিয়া, হে আমাৰ মহান, পৰাক্রমী, আৰু ঐশ্বৰ্য্যৱান ঈশ্বৰ, আপুনি নিয়ম ৰক্ষা কৰোঁতা ঈশ্ৱৰ আৰু আপোনাৰ প্রেম সদা কাললৈকে একে। ৰজা অচুৰীয়াৰ ৰাজত্ব কৰা দিনৰ পৰা আজিলৈকে আমাৰ, আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, ভাববাদী, আমাৰ পূৰ্ব-পুৰুষ, আৰু আপোনাৰ সকলো লোকৰ ওপৰলৈ অহা দুখ যাতনা আপোনাৰ দৃষ্টিত যেন নগণ্য নহওক।
وَأَنْتَ بَارٌّ فِي كُلِّ مَا أَتَى عَلَيْنَا لِأَنَّكَ عَمِلْتَ بِٱلْحَقِّ، وَنَحْنُ أَذْنَبْنَا. ٣٣ 33
৩৩আমাৰ ওপৰত ঘটা সকলো বিষয়ত আপুনি ন্যায়ৱান আছিল, কিয়নো আপুনি সত্যতাৰে ব্যৱহাৰ কৰিলে; কিন্তু আমি কু-আচৰণ কৰিলোঁ।
وَمُلُوكُنَا وَرُؤَسَاؤُنَا وَكَهَنَتُنَا وَآبَاؤُنَا لَمْ يَعْمَلُوا شَرِيعَتَكَ، وَلَا أَصْغَوْا إِلَى وَصَايَاكَ وَشَهَادَاتِكَ ٱلَّتِي أَشْهَدْتَهَا عَلَيْهِمْ. ٣٤ 34
৩৪আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, আৰু আমাৰ পূৰ্ব-পুৰুষসকলে আপোনাৰ বিধান পালন নকৰিলে। আপোনাৰ বিধান আৰু আজ্ঞা অনুসাৰে সাৱধান কৰা কথালৈও তেওঁলোকে মনোযোগ নিদিলে।
وَهُمْ لَمْ يَعْبُدُوكَ فِي مَمْلَكَتِهِمْ وَفِي خَيْرِكَ ٱلْكَثِيرِ ٱلَّذِي أَعْطَيْتَهُمْ، وَفِي ٱلْأَرْضِ ٱلْوَاسِعَةِ ٱلسَّمِينَةِ ٱلَّتِي جَعَلْتَهَا أَمَامَهُمْ، وَلَمْ يَرْجِعُوا عَنْ أَعْمَالِهِمِ ٱلرَّدِيَّةِ. ٣٥ 35
৩৫এনেকি তেওঁলোকৰ নিজৰ ৰাজ্যত, তেওঁলোকে যেতিয়া আপোনাৰ মহান দয়াত তেওঁলোকক দিয়া বৃহৎ আৰু উৰ্বৰা দেশ উপভোগ কৰিছিল, তেতিয়াও তেওঁলোকে আপোনাৰ সেৱা-ভক্তি কৰা নাছিল, আৰু তেওঁলোকৰ কু-আচৰণ ত্যাগ কৰা নাছিল।
هَا نَحْنُ ٱلْيَوْمَ عَبِيدٌ، وَٱلْأَرْضَ ٱلَّتِي أَعْطَيْتَ لِآبَائِنَا لِيَأْكُلُوا أَثْمَارَهَا وَخَيْرَهَا، هَا نَحْنُ عَبِيدٌ فِيهَا. ٣٦ 36
৩৬বৰ্তমান আমি বন্দী, আপুনি আমাৰ পূৰ্ব-পুৰুষ সকলক ইয়াৰ ফল আৰু উত্তম বস্তু উপভোগ কৰিবলৈ দিছিল। চাওক, আমি সেই দেশতেই বন্দী হৈ আছোঁ।
وَغَلَّاتُهَا كَثِيرَةٌ لِلْمُلُوكِ ٱلَّذِينَ جَعَلْتَهُمْ عَلَيْنَا لِأَجْلِ خَطَايَانَا، وَهُمْ يَتَسَلَّطُونَ عَلَى أَجْسَادِنَا وَعَلَى بَهَائِمِنَا حَسَبَ إِرَادَتِهِمْ، وَنَحْنُ فِي كَرْبٍ عَظِيمٍ. ٣٧ 37
৩৭আমাৰ পাপৰ বাবে আমাৰ ওপৰত নিযুক্ত কৰা ৰজাসকললৈ আমাৰ দেশত উৎপন্ন হোৱা উত্তম শস্যবোৰ যায়। তেওঁলোকে ভাল পোৱাৰ দৰেই আমাৰ শৰীৰৰ আৰু আমাৰ জীৱ-জন্তুবোৰৰ ওপৰত ৰাজত্ৱ কৰে। সেয়ে আমি বৰ দুখত আছোঁ।
«وَمِنْ أَجْلِ كُلِّ ذَلِكَ نَحْنُ نَقْطَعُ مِيثَاقًا وَنَكْتُبُهُ. وَرُؤَسَاؤُنَا وَلَاوِيُّونَا وَكَهَنَتُنَا يَخْتِمُونَ». ٣٨ 38
৩৮এই সকলোৰ কাৰণে, আমি লিখিতভাৱে প্রতিজ্ঞাৱদ্ধ হ’লো, আমাৰ কোঁৱৰ, লেবীয়া আৰু পুৰোহিতসকলৰ নামেৰে সেই নথি পত্র মোহৰ মৰা হ’ল।”

< نَحَمْيَا 9 >