< مَتَّى 4 >
ثُمَّ أُصْعِدَ يَسُوعُ إِلَى ٱلْبَرِّيَّةِ مِنَ ٱلرُّوحِ لِيُجَرَّبَ مِنْ إِبْلِيسَ. | ١ 1 |
১তাৰ পাছত চয়তানে যেন যীচুক পৰীক্ষা কৰিব পাৰে, সেয়ে পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ লৈ গ’ল।
فَبَعْدَ مَا صَامَ أَرْبَعِينَ نَهَارًا وَأَرْبَعِينَ لَيْلَةً، جَاعَ أَخِيرًا. | ٢ 2 |
২তাত চল্লিশ দিন আৰু চল্লিশ ৰাতি উপবাসে থকাৰ পাছত যীচুৰ ভোক লাগিল।
فَتَقَدَّمَ إِلَيْهِ ٱلْمُجَرِّبُ وَقَالَ لَهُ: «إِنْ كُنْتَ ٱبْنَ ٱللهِ فَقُلْ أَنْ تَصِيرَ هَذِهِ ٱلْحِجَارَةُ خُبْزًا». | ٣ 3 |
৩তেতিয়া চয়তানে আহি তেওঁক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়ক।”
فَأَجَابَ وَقَالَ: «مَكْتُوبٌ: لَيْسَ بِٱلْخُبْزِ وَحْدَهُ يَحْيَا ٱلْإِنْسَانُ، بَلْ بِكُلِّ كَلِمَةٍ تَخْرُجُ مِنْ فَمِ ٱللهِ». | ٤ 4 |
৪তাতে তেওঁ উত্তৰ দি ক’লে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়াই থাকে।”
ثُمَّ أَخَذَهُ إِبْلِيسُ إِلَى ٱلْمَدِينَةِ ٱلْمُقَدَّسَةِ، وَأَوْقَفَهُ عَلَى جَنَاحِ ٱلْهَيْكَلِ، | ٥ 5 |
৫তেতিয়া চয়তানে তেওঁক পবিত্ৰ নগৰ যিৰূচালেম মন্দিৰৰ কলচীৰ ওপৰলৈ লৈ গ’ল;
وَقَالَ لَهُ: «إِنْ كُنْتَ ٱبْنَ ٱللهِ فَٱطْرَحْ نَفْسَكَ إِلَى أَسْفَلُ، لِأَنَّهُ مَكْتُوبٌ: أَنَّهُ يُوصِي مَلَائِكَتَهُ بِكَ، فَعَلَى أيَادِيهِمْ يَحْمِلُونَكَ لِكَيْ لَا تَصْدِمَ بِحَجَرٍ رِجْلَكَ». | ٦ 6 |
৬আৰু যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে নিজকে তললৈ পেলাই দিয়ক; কিয়নো শাস্ত্রত এইদৰে লিখা আছে, তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।”
قَالَ لَهُ يَسُوعُ: «مَكْتُوبٌ أَيْضًا: لَا تُجَرِّبِ ٱلرَّبَّ إِلَهَكَ». | ٧ 7 |
৭যীচুৱে তাক ক’লে, “তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও শাস্ত্রত লিখা আছে।”
ثُمَّ أَخَذَهُ أَيْضًا إِبْلِيسُ إِلَى جَبَلٍ عَالٍ جِدًّا، وَأَرَاهُ جَمِيعَ مَمَالِكِ ٱلْعَالَمِ وَمَجْدَهَا، | ٨ 8 |
৮তাৰ পাছত আকৌ চয়তানে তেওঁক এক অতি ওখ ঠাইলৈ লৈ গ’ল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য দেখুৱালে।
وَقَالَ لَهُ: «أُعْطِيكَ هَذِهِ جَمِيعَهَا إِنْ خَرَرْتَ وَسَجَدْتَ لِي». | ٩ 9 |
৯চয়তানে তেওঁক ক’লে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।”
حِينَئِذٍ قَالَ لَهُ يَسُوعُ: «ٱذْهَبْ ياشَيْطَانُ! لِأَنَّهُ مَكْتُوبٌ: لِلرَّبِّ إِلَهِكَ تَسْجُدُ وَإِيَّاهُ وَحْدَهُ تَعْبُدُ». | ١٠ 10 |
১০তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এই বুলিও লিখা আছে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।”
ثُمَّ تَرَكَهُ إِبْلِيسُ، وَإِذَا مَلَائِكَةٌ قَدْ جَاءَتْ فَصَارَتْ تَخْدِمُهُ. | ١١ 11 |
১১তেতিয়া চয়তানে তেওঁক এৰি গুচি গ’ল আৰু স্বৰ্গৰ দূত সকল আহি যীচুৰ শুশ্রূষা কৰিলে।
وَلَمَّا سَمِعَ يَسُوعُ أَنَّ يُوحَنَّا أُسْلِمَ، ٱنْصَرَفَ إِلَى ٱلْجَلِيلِ. | ١٢ 12 |
১২যীচুৱে যেতিয়া যোহনক বন্দী কৰি নিয়া বুলি শুনিলে, তেতিয়া তেওঁ গালীল প্রদেশলৈ গ’ল।
وَتَرَكَ ٱلنَّاصِرَةَ وَأَتَى فَسَكَنَ فِي كَفْرَنَاحُومَ ٱلَّتِي عِنْدَ ٱلْبَحْرِ فِي تُخُومِ زَبُولُونَ وَنَفْتَالِيمَ، | ١٣ 13 |
১৩তেওঁ নাচৰত এৰি জবূলূন আৰু নপ্তালী এলেকাৰ গালীল সাগৰৰ তীৰত থকা কফৰনাহূমলৈ গৈ, তাত বাস কৰিবলৈ ধৰিলে।
لِكَيْ يَتِمَّ مَا قِيلَ بِإِشَعْيَاءَ ٱلنَّبِيِّ ٱلْقَائِلِ: | ١٤ 14 |
১৪যিচয়া ভাববাদীৰ দ্বাৰাই এই যি বচন কোৱা হৈছিল তাক পূর্ণ কৰিবলৈ এই সকলো ঘটিল:
«أَرْضُ زَبُولُونَ، وَأَرْضُ نَفْتَالِيمَ، طَرِيقُ ٱلْبَحْرِ، عَبْرُ ٱلْأُرْدُنِّ، جَلِيلُ ٱلْأُمَمِ. | ١٥ 15 |
১৫“জবূলূন দেশ আৰু নপ্তালী দেশ, সাগৰৰ তীৰত, যৰ্দ্দনৰ সিপাৰত অনা-ইহুদী সকলৰ গালীল!
ٱلشَّعْبُ ٱلْجَالِسُ فِي ظُلْمَةٍ أَبْصَرَ نُورًا عَظِيمًا، وَٱلْجَالِسُونَ فِي كُورَةِ ٱلْمَوْتِ وَظِلَالِهِ أَشْرَقَ عَلَيْهِمْ نُورٌ». | ١٦ 16 |
১৬যি সকল লোকে অন্ধকাৰত বাস কৰি আছিল তেওঁলোকে মহা-জ্যোতি দেখিবলৈ পালে। যি সকল লোকে মৃত্যুছাঁয়াৰ দেশত বাস কৰিছিল তেওঁলোকৰ ওপৰত দিপ্তী প্রকাশিত হ’ল।”
مِنْ ذَلِكَ ٱلزَّمَانِ ٱبْتَدَأَ يَسُوعُ يَكْرِزُ وَيَقُولُ: «تُوبُوا لِأَنَّهُ قَدِ ٱقْتَرَبَ مَلَكُوتُ ٱلسَّمَاوَاتِ». | ١٧ 17 |
১৭সেই সময়ৰে পৰা যীচুৱে এই বুলি প্রচাৰ কৰিবলৈ ধৰিলে, “তোমালোকে মন-পালটন কৰা; কিয়নো স্বৰ্গৰাজ্য ওচৰ আহি পালে।”
وَإِذْ كَانَ يَسُوعُ مَاشِيًا عِنْدَ بَحْرِ ٱلْجَلِيلِ أَبْصَرَ أَخَوَيْنِ: سِمْعَانَ ٱلَّذِي يُقَالُ لَهُ بُطْرُسُ، وَأَنْدَرَاوُسَ أَخَاهُ يُلْقِيَانِ شَبَكَةً فِي ٱلْبَحْرِ، فَإِنَّهُمَا كَانَا صَيَّادَيْنِ. | ١٨ 18 |
১৮পাছত যীচুৱে গালীল সাগৰৰ পাৰত খোজকাঢ়ি ফুৰোতে দুজন ভাই-ককাই চিমোন, যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক, সাগৰত জাল পেলোৱা দেখিলে। কিয়নো তেওঁলোক মাছমৰীয়া আছিল।
فَقَالَ لَهُمَا: «هَلُمَّ وَرَائِي فَأَجْعَلُكُمَا صَيَّادَيِ ٱلنَّاسِ». | ١٩ 19 |
১৯যীচুৱে তেওঁলোকক ক’লে, “মোক অনুসৰণ কৰি আহা, মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।”
فَلِلْوَقْتِ تَرَكَا ٱلشِّبَاكَ وَتَبِعَاهُ. | ٢٠ 20 |
২০তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ’ল।
ثُمَّ ٱجْتَازَ مِنْ هُنَاكَ فَرَأَى أَخَوَيْنِ آخَرَيْنِ: يَعْقُوبَ بْنَ زَبْدِي وَيُوحَنَّا أَخَاهُ، فِي ٱلسَّفِينَةِ مَعَ زَبْدِي أَبِيهِمَا يُصْلِحَانِ شِبَاكَهُمَا، فَدَعَاهُمَا. | ٢١ 21 |
২১তাৰ পৰা আগুৱাই গৈ যীচুৱে যাকোব আৰু যোহন নামৰ আন দুজন ভাই-ককাইক দেখা পালে। তেওঁলোক চিবদিয়ৰ পুতেক আছিল। বাপেক চিবদিয়ৰ সৈতে তেওঁলোকে নাৱত বহি নিজৰ নিজৰ জালবোৰ ঠিক কৰি আছিল। যীচুৱে তেওঁলোকক মাতিলে।
فَلِلْوَقْتِ تَرَكَا ٱلسَّفِينَةَ وَأَبَاهُمَا وَتَبِعَاهُ. | ٢٢ 22 |
২২তেতিয়া তেওঁলোকে নিজৰ নাও আৰু বাপেককো এৰি যীচুৰ পাছে পাছে গ’ল।
وَكَانَ يَسُوعُ يَطُوفُ كُلَّ ٱلْجَلِيلِ يُعَلِّمُ فِي مَجَامِعِهِمْ، وَيَكْرِزُ بِبِشَارَةِ ٱلْمَلَكُوتِ، وَيَشْفِي كُلَّ مَرَضٍ وَكُلَّ ضَعْفٍ فِي ٱلشَّعْبِ. | ٢٣ 23 |
২৩যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।
فَذَاعَ خَبَرُهُ فِي جَمِيعِ سُورِيَّةَ. فَأَحْضَرُوا إِلَيْهِ جَمِيعَ ٱلسُّقَمَاءِ ٱلْمُصَابِينَ بِأَمْرَاضٍ وَأَوْجَاعٍ مُخْتَلِفَةٍ، وَٱلْمَجَانِينَ وَٱلْمَصْرُوعِينَ وَٱلْمَفْلُوجِينَ، فَشَفَاهُمْ. | ٢٤ 24 |
২৪সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
فَتَبِعَتْهُ جُمُوعٌ كَثِيرَةٌ مِنَ ٱلْجَلِيلِ وَٱلْعَشْرِ ٱلْمُدُنِ وَأُورُشَلِيمَ وَٱلْيَهُودِيَّةِ وَمِنْ عَبْرِ ٱلْأُرْدُنِّ. | ٢٥ 25 |
২৫তাতে গালীল, দিকাপলি, যিৰূচালেম, আৰু যিহুদীয়া লগতে যৰ্দ্দনৰ সিপাৰৰ পৰাও বহু মানুহ দল বান্ধি যীচুৰ পাছে পাছে আহিল।