< مَرْقُس 16 >

وَبَعْدَمَا مَضَى ٱلسَّبْتُ، ٱشْتَرَتْ مَرْيَمُ ٱلْمَجْدَلِيَّةُ وَمَرْيَمُ أُمُّ يَعْقُوبَ وَسَالُومَةُ، حَنُوطًا لِيَأْتِينَ وَيَدْهُنَّهُ. ١ 1
তাৰ পাছত বিশ্ৰামবাৰ শেষ হোৱাত, মগ্দলীনী মৰিয়ম, যাকোবৰ মাতৃ মৰিয়ম আৰু চালোমীয়ে আহি যীচুৰ গাত সানিবলৈ সুগন্ধি দ্ৰব্য কিনিলে।
وَبَاكِرًا جِدًّا فِي أَوَّلِ ٱلْأُسْبُوعِ أَتَيْنَ إِلَى ٱلْقَبْرِ إِذْ طَلَعَتِ ٱلشَّمْسُ. ٢ 2
আৰু সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, সুৰ্য্য উদয় হওতেই, তেওঁলোকে মৈদামলৈ গ’ল৷
وَكُنَّ يَقُلْنَ فِيمَا بَيْنَهُنَّ: «مَنْ يُدَحْرِجُ لَنَا ٱلْحَجَرَ عَنْ بَابِ ٱلْقَبْرِ؟». ٣ 3
তেওঁলোকে নিজৰ মাজত কোৱা-কুই কৰি ক’লে, “মৈদামৰ প্ৰৱেশ দ্ৱাৰত থকা শিলটো কোনে আমাৰ বাবে বগৰাই দিব?”
فَتَطَلَّعْنَ وَرَأَيْنَ أَنَّ ٱلْحَجَرَ قَدْ دُحْرِجَ! لِأَنَّهُ كَانَ عَظِيمًا جِدًّا. ٤ 4
কিয়নো সেই শিলচতা অতি ডাঙৰ আছিল; এনেতে চকু তুলি চাওতে তেওঁলোকে দেখিলে যে, শিলচটা বগৰাই থোৱা আছে৷
وَلَمَّا دَخَلْنَ ٱلْقَبْرَ رَأَيْنَ شَابًّا جَالِسًا عَنِ ٱلْيَمِينِ لَابِسًا حُلَّةً بَيْضَاءَ، فَٱنْدَهَشْنَ. ٥ 5
তেওঁলোকে তেতিয়া মৈদামৰ ভিতৰলৈ সোমাই গ’ল আৰু বগা কাপোৰ পিন্ধা ডেকা এজনক সোঁফালে বহি থকা দেখিলে, তাতে তেওঁলোক অতি আচৰিত হ’ল।
فَقَالَ لَهُنَّ: «لَا تَنْدَهِشْنَ! أَنْتُنَّ تَطْلُبْنَ يَسُوعَ ٱلنَّاصِرِيَّ ٱلْمَصْلُوبَ. قَدْ قَامَ! لَيْسَ هُوَ هَهُنَا. هُوَذَا ٱلْمَوْضِعُ ٱلَّذِي وَضَعُوهُ فِيهِ. ٦ 6
কিন্তু তেওঁ তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা; তোমালোকে ক্রুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল! তেওঁ ইয়াত নাই; চোৱা, এয়ে তেওঁক শুৱাই থোৱা ঠাই।
لَكِنِ ٱذْهَبْنَ وَقُلْنَ لِتَلَامِيذِهِ وَلِبُطْرُسَ: إِنَّهُ يَسْبِقُكُمْ إِلَى ٱلْجَلِيلِ. هُنَاكَ تَرَوْنَهُ كَمَا قَالَ لَكُمْ». ٧ 7
কিন্তু তোমালোকে গৈ, তেওঁৰ আন শিষ্য সকলৰ লগতে পিতৰক কোৱাগৈ যে, ‘তেওঁ তোমালোকৰ আগেয়ে গালীল প্ৰদেশলৈ যাব আৰু তাতে তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তেওঁক দেখা পাবা’।”
فَخَرَجْنَ سَرِيعًا وَهَرَبْنَ مِنَ ٱلْقَبْرِ، لِأَنَّ ٱلرِّعْدَةَ وَٱلْحَيْرَةَ أَخَذَتَاهُنَّ. وَلَمْ يَقُلْنَ لِأَحَدٍ شَيْئًا لِأَنَّهُنَّ كُنَّ خَائِفَاتٍ. ٨ 8
তেতিয়া তেওঁলোকে মৈদামৰ পৰা ওলাই পলাল; কিয়নো সেই সময়ত তেওঁলোক সঁচাকৈ কম্পন আৰু বিস্ময়ত হৈ আছিল; তেওঁলোকে কোনো ব্যক্তিক নক’লে, কিয়নো তেওঁলোকে অতি ভয় খাইছিল।
(note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) وَبَعْدَمَا قَامَ بَاكِرًا فِي أَوَّلِ ٱلْأُسْبُوعِ ظَهَرَ أَوَّلًا لِمَرْيَمَ ٱلْمَجْدَلِيَّةِ، ٱلَّتِي كَانَ قَدْ أَخْرَجَ مِنْهَا سَبْعَةَ شَيَاطِينَ. ٩ 9
(note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) সপ্তাহৰ প্ৰথম দিনৰ ৰাতিপুৱা, যীচু পুনৰুত্থিত হোৱাৰ পাছত; যি গৰাকীৰ পৰা তেওঁ সাতোটা ভূত খেদাইছিল, সেই মগ্দলীনী মৰিয়মক তেওঁ প্ৰথমতে দেখা দিলে।
فَذَهَبَتْ هَذِهِ وَأَخْبَرَتِ ٱلَّذِينَ كَانُوا مَعَهُ وَهُمْ يَنُوحُونَ وَيَبْكُونَ. ١٠ 10
১০তেতিয়া তেওঁ গৈ শোক আৰু ক্ৰন্দন কৰি থকা যীচুৰ পূৰ্বৰ সঙ্গী সকলক বাৰ্তা দিলে;
فَلَمَّا سَمِعَ أُولَئِكَ أَنَّهُ حَيٌّ، وَقَدْ نَظَرَتْهُ، لَمْ يُصَدِّقُوا. ١١ 11
১১তেতিয়া তেওঁলোকে যীচু যে জীয়াই উঠিল আৰু মগ্দলীনী মৰিয়মক যে দৰ্শন দিলে, সেই কথা তেওঁলোকে শুনিলে কিন্তু বিশ্বাস নকৰিলে।
وَبَعْدَ ذَلِكَ ظَهَرَ بِهَيْئَةٍ أُخْرَى لِٱثْنَيْنِ مِنْهُمْ، وَهُمَا يَمْشِيَانِ مُنْطَلِقَيْنِ إِلَى ٱلْبَرِّيَّةِ. ١٢ 12
১২এই সকলো ঘটনা ঘটাৰ পাছত, যীচুৱে অন্য দুজন লোকক গাঁৱলৈ যাত্ৰা কৰি থাকোতে তেওঁ অন্যৰূপ ধৰি, তেওঁলোকক দেখা দিলে।
وَذَهَبَ هَذَانِ وَأَخْبَرَا ٱلْبَاقِينَ، فَلَمْ يُصَدِّقُوا وَلَا هَذَيْنِ. ١٣ 13
১৩তাতে তেওঁলোকে গৈ অন্য শিষ্য সকলক সম্বাদ দিলে; কিন্তু তেওঁলোকে সেই কথা বিশ্বাস নকৰিলে।
أَخِيرًا ظَهَرَ لِلْأَحَدَ عَشَرَ وَهُمْ مُتَّكِئُونَ، وَوَبَّخَ عَدَمَ إِيمَانِهِمْ وَقَسَاوَةَ قُلُوبِهِمْ، لِأَنَّهُمْ لَمْ يُصَدِّقُوا ٱلَّذِينَ نَظَرُوهُ قَدْ قَامَ. ١٤ 14
১৪পাছত এঘাৰ জনে ভোজনত বহি থাকোঁতে, যীচুৱে তেওঁলোকক দেখা দিলে আৰু তেওঁৰ উত্থানৰ পাছত, তেওঁক দেখা পোৱা সকলক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে।
وَقَالَ لَهُمُ: «ٱذْهَبُوا إِلَى ٱلْعَالَمِ أَجْمَعَ وَٱكْرِزُوا بِٱلْإِنْجِيلِ لِلْخَلِيقَةِ كُلِّهَا. ١٥ 15
১৫আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা।
مَنْ آمَنَ وَٱعْتَمَدَ خَلَصَ، وَمَنْ لَمْ يُؤْمِنْ يُدَنْ. ١٦ 16
১৬তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷
وَهَذِهِ ٱلْآيَاتُ تَتْبَعُ ٱلْمُؤْمِنِينَ: يُخْرِجُونَ ٱلشَّيَاطِينَ بِٱسْمِي، وَيَتَكَلَّمُونَ بِأَلْسِنَةٍ جَدِيدَةٍ. ١٧ 17
১৭এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন, বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব;
يَحْمِلُونَ حَيَّاتٍ، وَإِنْ شَرِبُوا شَيْئًا مُمِيتًا لَا يَضُرُّهُمْ، وَيَضَعُونَ أَيْدِيَهُمْ عَلَى ٱلْمَرْضَى فَيَبْرَأُونَ». ١٨ 18
১৮আৰু প্ৰাণনাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহব আৰু নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰিব৷”
ثُمَّ إِنَّ ٱلرَّبَّ بَعْدَمَا كَلَّمَهُمُ ٱرْتَفَعَ إِلَى ٱلسَّمَاءِ، وَجَلَسَ عَنْ يَمِينِ ٱللهِ. ١٩ 19
১৯এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হ’ল আৰু তেওঁ ঈশ্বৰৰ সোঁ হাতে বহিল।
وَأَمَّا هُمْ فَخَرَجُوا وَكَرَزُوا فِي كُلِّ مَكَانٍ، وَٱلرَّبُّ يَعْمَلُ مَعَهُمْ وَيُثَبِّتُ ٱلْكَلَامَ بِٱلْآيَاتِ ٱلتَّابِعَةِ. آمِينَ. ٢٠ 20
২০পাছত তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী সকলৰ পৰাক্ৰম কাৰ্যৰ চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন।

< مَرْقُس 16 >