< هُوشَع 13 >

لَمَّا تَكَلَّمَ أَفْرَايِمُ بِرَعْدَةٍ، تَرَفَّعَ فِي إِسْرَائِيلَ. وَلَمَّا أَثِمَ بِبَعْلٍ مَاتَ. ١ 1
ইফ্ৰয়িমে কথা ক’লে, লোকসকল কঁপে; ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজত তেওঁ মহান হৈছিল। কিন্তু বাল দেৱতাৰ সেৱা উপসনা কৰাৰ দোষত দোষী হৈ তেওঁ মৰিল।
وَٱلْآنَ يَزْدَادُونَ خَطِيَّةً، وَيَصْنَعُونَ لِأَنْفُسِهِمْ تَمَاثِيلَ مَسْبُوكَةً مِنْ فِضَّتِهِمْ، أَصْنَامًا بِحَذَاقَتِهِمْ، كُلُّهَا عَمَلُ ٱلصُّنَّاعِ. عَنْهَا هُمْ يَقُولُونَ: «ذَابِحُو ٱلنَّاسِ يُقَبِّلُونَ ٱلْعُجُولَ». ٢ 2
এতিয়া তেওঁলোকে অধিককৈ পাপ কৰি আছে; তেওঁলোকে তেওঁলোকৰ ৰূপেৰে নিজৰ কাৰণে সাঁচত ঢলা মূর্তি, অর্থাৎ নিজৰ কলা-কৌশলেৰে প্ৰতিমা সাজিলে; এই সকলোবোৰ শিল্পকাৰৰ কাৰ্য; এই মূর্তিবোৰৰ সম্বন্ধে তেওঁলোকে কয়, “যি সকলে উৎসর্গ কৰে, তেওঁলোকে দামুৰিৰ মূর্তিবোৰক চুমা খাওঁক”।
لِذَلِكَ يَكُونُونَ كَسَحَابِ ٱلصُّبْحِ، وَكَالنَّدَى ٱلْمَاضِي بَاكِرًا. كَعُصَافَةٍ تُخْطَفُ مِنَ ٱلْبَيْدَرِ، وَكَدُخَانٍ مِنَ ٱلْكُوَّةِ. ٣ 3
সেই বাবে তেওঁলোক প্ৰভাতৰ কুঁৱলীৰ নিচিনা হ’ব, সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা, মৰণা মৰা মজিয়াৰ পৰা বা’মৰলী বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা, খিড়িকিয়েদি বাহিৰলৈ ওলোৱা ধুঁৱাৰ নিচিনা হ’ব।
«وَأَنَا ٱلرَّبُّ إِلَهُكَ مِنْ أَرْضِ مِصْرَ، وَإِلَهًا سُوَايَ لَسْتَ تَعْرِفُ، وَلَا مُخَلِّصَ غَيْرِي. ٤ 4
তথাপি মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা দিনৰে পৰা ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; মোৰ বাহিৰে তোমালোকৰ আন কোনো ঈশ্বৰ নাই; মোৰ বাহিৰে তোমালোকৰ আন কোনো উদ্ধাৰকৰ্ত্তা নাই।
أَنَا عَرَفْتُكَ فِي ٱلْبَرِّيَّةِ فِي أَرْضِ ٱلْعَطَشِ. ٥ 5
মৰুভূমিত, শুকান দেশত ময়েই তোমালোকক দেখা-শুনা কৰিছিলোঁ।
لَمَّا رَعَوْا شَبِعُوا. شَبِعُوا وَٱرْتَفَعَتْ قُلُوبُهُمْ، لِذَلِكَ نَسُونِي. ٦ 6
যেতিয়া তোমালোকে চৰণী পালা, তেতিয়া তোমালোক তৃ্প্ত হলা, তোমালোক তৃ্প্ত হোৱাত, তোমালোকৰ মনত গৰ্ব হল, এই নিমিত্তে তমালোকে মোক পাহৰিলা।
«فَأَكُونُ لَهُمْ كَأَسَدٍ. أَرْصُدُ عَلَى ٱلطَّرِيقِ كَنَمِرٍ. ٧ 7
সেই কাৰণে মই তেওঁলোকৰ ওপৰত সিংহৰ দৰেই হ’ম; নাহৰফুটুকী বাঘৰ নিচিনাকৈ বাটত খাপ দি থাকিম।
أَصْدِمُهُمْ كَدُبَّةٍ مُثْكِلٍ، وَأَشُقُّ شَغَافَ قَلْبِهِمْ، وَآكُلُهُمْ هُنَاكَ كَلَبْوَةٍ. يُمَزِّقُهُمْ وَحْشُ ٱلْبَرِّيَّةِ. ٨ 8
পোৱালি কাঢ়ি চুৰ কৰি নিয়া ভালুকীৰ দৰে মই তেওঁলোকৰ ওপৰত আক্রমণ কৰি তেওঁলোকৰ হিয়া চিৰা-ছিৰ কৰিম; সিংহিনীৰ নিচিনাকৈ মই তেওঁলোকক সেই ঠাইতে গ্ৰাস কৰিম; বনৰীয়া জন্তুৰ দৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম।
«هَلَاكُكَ يَا إِسْرَائِيلُ أَنَّكَ عَلَيَّ، عَلَى عَوْنِكَ. ٩ 9
হে ইস্ৰায়েল, তুমি মোৰ বিপক্ষে অর্থাৎ তোমালোকৰ সহায়কাৰীৰ বিপক্ষে থকাৰ কাৰণে মই তোমাক বিনাশ কৰিম,
فَأَيْنَ هُوَ مَلِكُكَ حَتَّى يُخَلِّصَكَ فِي جَمِيعِ مُدُنِكَ؟ وَقُضَاتُكَ حَيْثُ قُلْتَ: أَعْطِنِي مَلِكًا وَرُؤَسَاءَ؟ ١٠ 10
১০এতিয়া তোমাৰ ৰজা ক’ত আছে, যি জনে সকলো নগৰতে তোমাক ৰক্ষা কৰিব পাৰিব? এতিয়া তোমাৰ শাসনকর্তাসকল ক’ত আছে, যি সকলৰ বিষয়ে তুমি মোক কৈছিলা, “মোক এজন ৰজা আৰু শাসনকর্তাসকলক দিয়া?”
أَنَا أَعْطَيْتُكَ مَلِكًا بِغَضَبِي وَأَخَذْتُهُ بِسَخَطِي. ١١ 11
১১সেয়ে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁ আৰু মোৰ ক্রোধে তেওঁক আঁতৰাই নিলে।
«إِثْمُ أَفْرَايِمَ مَصْرُورٌ. خَطِيَّتُهُ مَكْنُوزَةٌ. ١٢ 12
১২ইফ্ৰয়িমৰ অপৰাধ বান্ধি থোৱা হ’ল; তেওঁৰ পাপবোৰ সাঁচি থোৱা হ’ল।
مَخَاضُ ٱلْوَالِدَةِ يَأْتِي عَلَيْهِ. هُوَ ٱبْنٌ غَيْرُ حَكِيمٍ، إِذْ لَمْ يَقِفْ فِي ٱلْوَقْتِ فِي مَوْلِدِ ٱلْبَنِينَ. ١٣ 13
১৩নাৰীৰ প্ৰসৱবেদনাৰ দৰে তেওঁৰ ওপৰলৈ কষ্ট আহিব। কিন্তু তেওঁতো এজন অজ্ঞান পুত্ৰ; জন্মৰ সঠিক সময়ত তেওঁ গর্ভৰ প্ৰসৱ-দুৱাৰৰ মুখলৈ নাহা।
«مِنْ يَدِ ٱلْهَاوِيَةِ أَفْدِيهِمْ. مِنَ ٱلْمَوْتِ أُخَلِّصُهُمْ. أَيْنَ أَوْبَاؤُكَ يَا مَوْتُ؟ أَيْنَ شَوْكَتُكِ يَا هَاوِيَةُ؟ تَخْتَفِي ٱلنَّدَامَةُ عَنْ عَيْنَيَّ». (Sheol h7585) ١٤ 14
১৪চিয়োলৰ শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিম নে? মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিম নে? হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক’ত? হে চিয়োল, তোমাৰ সংহাৰ ক’ত? মোৰ চকুৰ পৰা মমতা লুকাই আছে। (Sheol h7585)
وَإِنْ كَانَ مُثْمِرًا بَيْنَ إِخْوَةٍ، تَأْتِي رِيحٌ شَرْقِيَّةٌ، رِيحُ ٱلرَّبِّ طَالِعَةً مِنَ ٱلْقَفْرِ فَتَجِفُّ عَيْنُهُ وَيَيْبَسُ يَنْبُوعُهُ. هِيَ تَنْهَبُ كَنْزَ كُلِّ مَتَاعٍ شَهِيٍّ. ١٥ 15
১৫ইফ্ৰয়িমে তেওঁৰ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও, যিহোৱাৰ পৰা এক প্রৱল পূবৰ বতাহ আহিব, মৰুভূমিৰ পৰা বৈ আহিব; ইফ্রয়িমৰ জুৰিবোৰ শুকাই যাব আৰু কুৱাঁত পানী নোহোৱা হ’ব; শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব।
تُجَازَى ٱلسَّامِرَةُ لِأَنَّهَا قَدْ تَمَرَّدَتْ عَلَى إِلَهِهَا. بِٱلسَّيْفِ يَسْقُطُونَ. تُحَطَّمُ أَطْفَالُهُمْ، وَٱلْحَوَامِلُ تُشَقُّ. ١٦ 16
১৬চমৰিয়া দোষী হ’ব; কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব, তেওঁলোকৰ শিশুসকলক আচাৰি ছিন্ন-ভিন্ন কৰা হ’ব, তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ’ব।

< هُوشَع 13 >