< 2 e Korintasve 2 >

1 Por unë kisha vendosur në veten time të mos vij përsëri te ju me hidhërim.
সেয়েহে কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পুনৰাই আপোনালোকৰ ওচৰলৈ নাযাওঁ বুলি মই নিজৰ বিষয়ত বিবেচনা কৰিলোঁ৷
2 Sepse, në qoftë se unë ju hidhëroj, kush do të më gëzojë mua, në mos ai vetë që u hidhërua prej meje?
কিয়নো মই যদি আপোনালোকক বেজাৰ দিওঁ তেনেহলে মোক আনন্দিত কৰোঁতা কোন থাকিব? কেৱল মোৰ দ্বাৰাই বেজাৰ পোৱা সেই লোকেই থাকিব?
3 Dhe ju shkrova në këtë mënyrë që, kur të vij, të mos kem trishtim nga ata që duhet të më gëzonin, duke pasur besim në ju të gjithë, se gëzimi im është i të gjithë juve.
আৰু এই সকলোবোৰ কথা লিখিলোঁ, যাতে যেতিয়া মই আহিম, তেতিয়া যি জনৰ ওচৰৰ পৰা আমি আনন্দ পোৱা উচিত, সেই জনৰ পৰা যেন দুখ পাবলগীয়া নহয়। কিয়নো আপোনালোকৰ বিষয়ে মোৰ দৃঢ় বিশ্বাস এই যে, আমাৰ আনন্দত আপোনালোক সকলোৱে আনন্দিত হব।।
4 Ju shkrova, në fakt, me shumë lot dhe me pikëllim të madh dhe ankth në zemër, jo që të hidhëroheni, por që të njihni dashurinë shumë të madhe që kam për ju.
বহু কষ্ট, মনো-বেদনা, আৰু চকুৰপানীৰে আপোনালোকলৈ লিখিলোঁ। মই আপোনালোকক দুখ দিবলৈ বিচৰা নাই, কিন্তু বুজাবলৈ বিচাৰিছোঁ যে, মই আপোনালোকক কিমান প্ৰেম কৰোঁ।
5 Edhe në qoftë se dikush ka shkaktuar trishtim, s’më ka hidhëruar vetëm mua, por deri diku, pa e tepruar, ju të gjithë.
কিন্তু কোনোৱে যদি দুখ দি থাকে, তেনেহলে তেওঁ অকল মোক দুখ দিলে এনে নহয়; বেছি বঢ়াই নকলেও মই এটা কথা কওঁ যে, তেওঁ আপোনালোক সকলোকে দুখ দিলে।
6 Mjaft është për atë njeri ndëshkimi që iu bë nga shumica,
এনে মানুহলৈ অধিক ভাগ লোকে দিয়া শাস্তিয়েই যথেষ্ট।
7 por tani, përkundrazi, ju duhet më tepër ta falni atë dhe ta ngushlloni, që ai njeri të mos gëlltitet nga trishtimi i tepërt.
এতেকে তাতকৈ এনে মানুহক আপোনালোকে ক্ষমা কৰক আৰু সান্ত্বনা দিয়া উচিত। নহলে তেওঁ হয়তো অতিৰিক্ত মনৰ দুখত হতাশ হৈ পৰিব।
8 Prandaj ju lutem t’i shfaqni dashuri,
মই আপোনালোকক উৎসাহিত কৰিছোঁ, এনে ব্যক্তিক যে আপোনালোকে এতিয়াও প্ৰেম কৰে, ইয়াকে মুকলিভাবে বুজিব দিয়ক৷
9 sepse ju shkrova edhe për këtë, që të njoh provën tuaj, nëse jeni të dëgjueshëm në çdo gjë.
কিয়নো সকলো বিষয়ত আপোনালোক আজ্ঞাধীন হয় নে নহয়, তাৰ প্ৰমাণ পোৱাৰ আশয়েৰে লিখিলোঁ।
10 Por atij që ju do t’i falni diçka, e fal edhe unë, sepse edhe unë, nëse kam falur gjë, kujtdo që t’ia kem falur, e bëra për ju përpara Krishtit,
১০যদি আপোনালোকে কোনো এজনৰ দোষ ক্ষমা কৰে, তেনেহলে ময়ো সেইদৰে ক্ষমা কৰোঁ৷ এই কাৰণে মই যদি কিবা ক্ষমা কৰিলোঁ, তেনেহলে যি ক্ষমা কৰিলোঁ, খ্ৰীষ্টৰ সাক্ষাতে আপোনালোকৰ কাৰণেই ইয়াক কৰিলোঁ;
11 që të mos na mposhtë Satanai, sepse ne i dimë qëllimet e tij.
১১কিয়নো চয়তানে যেন আমাৰ ওপৰত ছল নাপায়৷ কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ।
12 Dhe, kur arrita në Troas për ungjillin e Krishtit edhe m’u hap një derë në Zotin,
১২খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে মই ত্রোৱা নগৰলৈ আহোতে, যদিও প্ৰভুৰ দ্বাৰাই মোলৈ এখন দুৱাৰ মুকলি কৰা হৈছিল,
13 nuk gjeta prehje në frymën time, sepse nuk gjeta aty Titin, vëllanë tim; prandaj, si u përshëndeta me ta, shkova në Maqedoni.
১৩মোৰ ভাই তীতক তাতে লগ নোপোৱাত, মোৰ আত্মাত একো শান্তি নাপালোঁ; সেয়েহে তেওঁলোকক এৰি বিদায় লৈ মাকিদনিয়ালৈ আহিলোঁ।
14 Por, falem nderit Perëndisë, që na bën të ngadhnjejmë gjithnjë në Krishtin dhe shfaq kudo nëpërmjet nesh erën e këndshme të njohurisë së vet.
১৪কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে।
15 Sepse ne jemi për Perëndinë era e këndshme e Krishtit ndër ata që shpëtohen dhe ndër ata që humbasin;
১৫কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ।
16 për këta një erë vdekjeje në vdekje, po për ata erë jete në jetë. Dhe kush është i zoti për këto?
১৬যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে?
17 Ne në fakt nuk falsifikojmë fjalën e Perëndisë, si shumë të tjerë, por flasim me sinqeritet si nga ana e Perëndisë, përpara Perëndisë në Krishtin.
১৭কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।

< 2 e Korintasve 2 >